এটা কোম্পানীত  ‘চীফ হেপ্পীনেছ অফিচাৰ’ হিচাপে নিযুক্ত এটা কুকুৰ! কৰ্মচাৰীৰ হৃদয়ক প্ৰাণৱন্ত কৰি ৰখাই যাৰ কাম

dainik janambhumi May 29, 2025

ডিজিটেল ডেস্কঃ কুকুৰ আৰু মানুহৰ সম্পৰ্ক কিমান মধুৰ, সেয়া সকলোৱে জানে। কুকুৰ মানুহৰ নিঃসংগ সময়ৰো উত্তম সংগী। হায়দৰাবাদৰ এটা কোম্পানীয়ে এটা কুকুৰক ‘চীফ হেপ্পীনেছ অফিচাৰ’ নিযুক্তি দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।  তাত কাম কৰা মানুহৰ যাতে শক্তি বৰ্তি থাকে আৰু কোনো মানসিক চাপ নোলোৱাকৈ কাম কৰিব পাৰে তাৰ বাবে কুকুৰটোক  চীফ হেপ্পীনেছ অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে। গ'ল্ডেন ৰিট্ৰিভাৰ কুকুৰটোৱে নিজৰ দায়িত্ব খুব সুন্দৰকৈ পালন কৰিছে। সকলোৰে হৃদয় জয় কৰিছে সি। 

সকলোৰে মনবোৰ সুখী কৰি ৰখাই এইগৰাকী কৰ্মচাৰীৰ মূল দায়িত্ব। আন কৰ্মচাৰীসকলেও এইগৰাকী অফিচাৰক বৰ সুন্দৰকৈ আদৰি লৈছে।


ছ’চিয়েল মিডিয়াত  ৰাহুল আৰেপাকা নামৰ এজন লোকে কোম্পানীটোৰ নতুন কৰ্মচাৰীৰ বিষয়ে শ্বেয়াৰ কৰি লিখিলে যে  এয়া আমাৰ নতুন কৰ্মচাৰী ডেনভাৰ।   ডেনভাৰ নামৰ এটা মৰমলগা গ'ল্ডেন ৰিট্ৰিভাৰক কোম্পানীটোৰ বাবে ‘চীফ হেপ্পীনেছ অফিচাৰ’ৰ পদত নিযুক্তি দিয়া হৈছে। এইজন অফিচাৰে একো ক'ব নাজানে, কাকো একো গুৰুত্ব নিদিয়ে। তেওঁ মাত্ৰ সোমাই আহে, সকলোৰে হৃদয় জয় কৰে আৰু কাম কৰাৰ শক্তিক বঢ়াই ৰাখে।

 অনলাইনত এই কথা শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে আৰু নেটিজেনসকলে ইয়াকে লৈ ভিন ভিন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বেছিভাগ মানুহেই এই পদক্ষেপক প্ৰশংসা কৰিছে। একাংশ নেটিজেনে দাবী কৰিছে যে এনে নিযুক্তিয়ে কোম্পানীটোৰ উৎপাদনশীলতা বৃদ্ধি কৰাটো সহায় কৰিব পাৰে।

Share This