ডিজিটেল ডেস্কঃ 'মই শিৱভক্ত। অপবাদ আৰু অপযশৰ বিষ মই হাঁহি হাঁহি গিলি থ'ম। ভাৰতৰ নাগৰিকসকল মোৰ বাবে ভগৱান। মই মোৰ দুখ-কষ্ট দেশবাসীৰ আগত প্রকাশ নকৰি কাৰ আগত কৰিম? দেশবাসী মোৰ বাবে 'মাষ্টাৰ', মোৰ দেৱতা আৰু মোৰ ৰিমট কন্ট্ৰ'ল। মোৰ আৰু বেলেগ কোনো ৰিমট কন্ট্ৰ'ল নাই।' বিহাৰৰ এখন নির্বাচনী সভাত কংগ্ৰেছ দলৰ একাংশ নেতাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃ হীৰাবেন মোদী সম্পৰ্কত অশালীন মন্তব্য কৰা প্ৰসংগ লৈ আজি মঙলদৈত এইদৰেই তীব্র ভাষাৰে কংগ্ৰেছক আক্রমণ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।
এই প্ৰসংগতে উল্লেখযোগ্য যে বিহাৰৰ নিৰ্বাচনী সভাত তেওঁৰ প্ৰয়াত মাতৃকো অশালীন ভাষাৰে কংগ্ৰেছে আক্ৰমণ কৰা প্রসংগত দেশবাসীক এক আৱেগিক ভাষণ দিছিল আৰু ইয়াতেই কংগ্ৰেছে মোদীয়ে এতিয়া দেশবাসীৰ আগত কান্দিছে বুলি কটাক্ষ কৰিছিল। দেওবাৰে মঙলদৈত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক তীব্রভাৱে আক্রমণ কৰি ৰিমট কন্ট্ৰ'লৰ প্ৰসংগ টানি অনাটো ৰাজনৈতিক মহলত বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। কাৰণ প্ৰধানমন্ত্ৰীজনে পূৰ্বৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে নিয়ন্ত্ৰণ কৰে বুলি ৰিমট কন্ট্র'ল শব্দটোৱেই ব্যৱহাৰ কৰিছিল। ইয়াৰ লগতে প্রধানমন্ত্রীজনে কংগ্রেছ অধ্যক্ষ মল্লিকার্জুন খৰ্গেৰ ৰিমট কন্ট্ৰ'ল গান্ধী পৰিয়ালৰ হাতত আছে বুলি অভিযোগ কৰি আহিছে। গতিকে আজি আকৌ অসমত ৰিমট কন্ট্ৰ'লৰ প্ৰসংগৰে মোদীয়ে একপ্ৰকাৰ গান্ধী পৰিয়ালকে পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কেন্দ্ৰৰ বিজেপি চৰকাৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে মল্লিকার্জুন খর্গেই সামাজিক মাধ্যমত দিয়া এক বার্তা প্রধানমন্ত্রীয়ে দেখুৱায়। ২০১৯ চনত বিজেপি চৰকাৰে ভূপেন হাজৰিকাক ভাৰত ৰত্নৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ দিনাই খর্গেই সামাজিক মাধ্যমত লিখিছিল যে মোদীয়ে গায়ক আৰু নৰ্তকক সন্মান দি আছে। দেওবাৰে এই কথা উল্লেখ কৰি প্রধানমন্ত্রীজনে কয় যে ১৯৬২ চনত ভাৰত-চীনৰ যুদ্ধৰ সময়ত দেশৰ প্ৰথমজন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে কৈছিল, 'উত্তৰ-পূববাসীৰ ঘা শুকুৱাই নাই।' জৱাহৰলাল নেহৰুৰ এই উক্তি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়, 'কংগ্ৰেছৰ বৰ্তমানৰ প্ৰজন্মটোৱে নেহৰুৱে দি যোৱা এই ঘাত নিমখ ছটিয়াই আছে।'
প্ৰধানমন্ত্ৰীগৰাকীয়ে আন কেতবোৰ বিষয়তো কংগ্ৰেছক আক্ৰমণ কৰি কয় যে অসমত কংগ্ৰেছে কেইবাদশকজুৰি শাসন কৰিলে, কিন্তু শাসনৰ ৬০/৬৫ বছৰত কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্র ৩খন দলং নিৰ্মাণ কৰিছে। কিন্তু ইয়াৰ বিপৰীতে বিজেপিয়ে মাত্র এটা দশকতে ব্রহ্মপুত্রত ৬খন দলং নির্মাণ কৰিলে। প্রধানমন্ত্রীজনে কয়, 'গতিকে আপোনালোকে আমাৰ প্ৰচেষ্টাক সমর্থন জনাই আমাক সহায় কৰাটো স্বাভাৱিক।' অপাৰেশ্যন সেন্দূৰৰ প্ৰসংগতো কংগ্ৰেছক তীব্র ভাষাৰে আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীজনে কয় যে কংগ্ৰেছৰ শাসনত যেতিয়া দেশত উগ্রপন্থীৰ আক্রমণ চলিছিল তেতিয়া তেওঁলোক নিশ্চুপ আছিল। কিন্তু এতিয়া যেতিয়া আমাৰ সেনা বাহিনীয়ে পাকিস্তানৰ প্ৰতিটো কোণৰ পৰা সন্ত্রাসবাদ নির্মূল কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া কংগ্ৰেছ দল পাকিস্তানৰ লগত থিয় হ'ল আৰু তেওঁলোকৰ এজেণ্ডা আগবঢ়াই নিছে বুলি উল্লেখ কৰি মোদীয়ে কয়, 'পাকিস্তানৰ ফাঁকিবোৰ এতিয়া কংগ্ৰেছৰ এজেণ্ডা।' আনহাতে, অসমৰ ভয়াৱহ অনুপ্ৰৱেশৰ সমস্যা সম্পৰ্কত প্রধানমন্ত্রীজনে কয় যে ভোট বেংক সুৰক্ষিত কৰাহে কংগ্ৰেছৰ মূল উদ্দেশ্য, লাগিলে দেশ শেষ হৈ যাওক। কংগ্ৰেছ এতিয়া দেশদ্রোহী আৰু অনুপ্ৰৱেশকাৰীৰ ৰক্ষক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি প্ৰধানমন্ত্ৰীজনে কয় যে কংগ্রেছ শাসনত থাকোঁতে অনুপ্ৰৱেশকাৰীক উৎসাহিত কৰিলে আৰু এতিয়া কংগ্ৰেছে অনুপ্ৰৱেশকাৰী দেশত প্রতিষ্ঠা হৈ ভাৰতৰ ভাগ্য নির্ধাৰণ কৰাটো বিচাৰে