মই আপোনাৰ নহয়, চৰকাৰৰ চাকৰ.... দণ্ডাধীশে খোৱাপানী  বিচৰাৰ পিছতে খঙত ফাটি পৰিল মহিলা কনিষ্টবল

Jyoti Borah December 02, 2023

ডিজিটেল ডেস্কঃ এগৰাকী দণ্ডাধীশে খোৱাপানী বিচৰিছিল বিহাৰ আৰক্ষীৰ এগৰাকী মহিলা কনিষ্টবলক৷ এই কথাতে খঙৰ অগ্নিশৰ্মা হৈ পৰে মহিলা কনিষ্টবলগৰাকী৷ তেওঁ লগে লগে কয় যে তেওঁ চৰকাৰৰহে চাকৰ, দণ্ডাধীশগৰাকীৰ নহয়৷ এই ঘটনাৰ ভিডিঅ’  এতিয়া  ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

দৰাচলতে  এক চৰকাৰী  কাৰ্যসূচীত  উপস্থিত থকা  দণ্ডাধীশগৰাকীয়ে  পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত  মহিলা কনিষ্টবলগৰাকীৰ পৰা খোৱাপানীৰ বটল বিচাৰিছিল। দণ্ডাধীশে পানী বিচৰাৰ লগে লগে মহিলা কনিষ্টবলগৰাকীৰ  খং উঠিছিল। 

 মহিলা কনিষ্টবলগৰাকীৰ খং উঠাৰ কাৰণটো আছিল তেওঁলোকে ভোকে-পিয়াহে কৰ্তব্য পালন কৰি আছিল৷ তেওঁলোকৰ বাবে আনকি খোৱাপানীৰো ব্যৱস্থা কৰা হোৱা নাছিল৷ মহিলা কনিষ্টবলগৰাকীয়ে ঘৰৰ পৰাই চাৰি বটল পানী নিছিল৷ সেয়া তেওঁ নিজেও খাইছিল আৰু সহকৰ্মীসকলো খাবলৈ দিছিল৷ কিন্তু দণ্ডাধীশে পুৱাৰ আহাৰ খাই পানী বিৰাত তেওঁৰ খং উঠি গৈছিল৷

Share This