ডিজিটেল ডেস্ক : আই চি চি টি-২০ বিশ্ব কাপ অহা ৭ ফেব্রুৱাৰীত আৰম্ভ হ'ব। ভাৰত আৰু শ্রীলংকাত হ'বলগীয়া প্রতিযোগিতাখনৰ বাবে বাংলাদেশৰ ক্রিকেট ব'র্ডক চূড়ান্ত সতর্কবাণী প্ৰেৰণ কৰিছে আই চি চিয়ে। উল্লেখযোগ্য যে নিৰাপত্তাৰ দোহাই দি বাংলাদেশে ভাৰতত খেলিবলৈ অস্বীকাৰ কৰিছে।
জানিব পৰা মতে, আই চি চিয়ে বাংলাদেশ ক্রিকেট ব'র্ডক চূড়ান্ত সতর্কবাণী দি কয় যে যদি বাংলাদেশে ভাৰতত মেচ খেলিবলৈ সম্মত নহয় তেন্তে টি-২০ বিশ্ব কাপত তেওঁলোকৰ স্থানত নিম্ন ৰেংকিঙৰ দল এটাক সুযোগ দিয়া হ'ব পাৰে। সংবাদ মাধ্যমৰ এক খবৰ অনুসৰি, আই ডি চিয়ে বাংলাদেশ ক্রিকেট ব'র্ডক (বি চি বি) চূড়ান্ত সিদ্ধান্ত ল'বলৈ ২১ জানুৱাৰীলৈ সময় দিছে। নির্ধাৰিত সময়ৰ ভিতবত যদি কোনো সঁহাৰি নিদিয়ে তেন্তে বিশ্ব ক্রিকেটব সর্বোচ্চ সংস্থাটোরে বাংলাদেশৰ স্থানত আন এটা দলক বিশ্ব কাপত অংশগ্রহণৰ বাবে প্রক্রিয়া আৰম্ভ কৰিব।
শেহতীয়াকৈ বাংলাদেশে গ্রুপ সলনিৰ প্রস্তাৱ দিছিল, সেয়াও নাকচ হয়। সেই প্রস্তাৱৰ এদিনৰ পাছতেই বি চি বিক আই ডি চিয়ে চূড়ান্ত সিদ্ধান্ত ল'বলৈ সময়সীমা বান্ধি দিয়ে। উল্লেখযোগ্য যে টি-২০ বিশ্ব কাপৰ সূচী অনুসৰি বাংলাদেশব গ্রুপ মেচ ভাৰতৰ কলকাতাৰ ইডেন গার্ডেন আৰু মুম্বাইৰ বানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা। নিৰাপত্তাজনিত কাৰণৰ বাবেই ভাৰতত নেখেলাব সিদ্ধান্ত লোৱা বুলি ব্যাখ্যা আগবঢ়াইছে বাংলাদেশ ক্রিকেট ব'র্ডে। অৱশ্যে এই ঘটনা মুস্তাফিজুৰ ৰহমান-কাণ্ডৰ পাছত আৰম্ভ হৈছিল।
যোৱা ৩ জানুৱাৰীত কলকাতা নাইট বাইডাৰ্ছক বি চি চি আয়ে বাংলাদেশৰ পেচাৰ মুস্তাফিজুৰৰ চুক্তি বাতিল কবিবলৈ নির্দেশ দিছিল। কাৰণ হিচাপে উল্লেখ কৰা হৈছে যে বাংলাদেশত শেহতীয়াকৈ সংঘটিত হোৱা পৰিঘটনা। হিন্দু সংখ্যালঘুৰ ওপৰত হিংসাব অভিযোগক লৈ ভাৰতীয় ৰাজনৈতিক মহলত তীর প্রতিক্রিয়াৰ পৰিপ্রেক্ষিততে এই সিদ্ধান্ত লোৱা বুলি দাবী কৰা হৈছে