অভিলেখ গঢ়াৰ সুযোেগ ভাৰতৰ, আজিৰ পৰা আই চি চি টি-২০ বিশ্ব কাপ

dainik janambhumi February 07, 2026

ডিজিটেল ডেস্ক : এই পর্যন্ত কোনো দেশেই একেৰাহে দুবাৰকৈ টি-২০ বিশ্ব কাপৰ চেম্পিয়ন হ'ব পৰা নাই। ভাৰতে সেই ৰেকৰ্ড স্থাপনৰ সুযোগ লাভ কৰিছে। অৱশ্যে, এইবাৰৰ টি-২০ বিশ্ব কাপত ভাৰতীয় দলত নাই ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। তেওঁলোকৰ স্থান পূৰাইছে অভিষেক শৰ্মা আৰু তিলক বার্মাই। ভাৰতৰ যুৱ ক্রিকেটাৰসকলেও টি-২০ ক্রিকেটত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিছে। ভাৰতীয় দল যেনেকৈ সলনি হৈছে এইবাৰৰ বিশ্ব কাপো সলনি হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে এই প্রতিযোগিতাখনৰ পৰা বহিষ্কাৰ কৰিছে বাংলাদেশক। তেওঁলোকৰ স্থানত স্কটলেণ্ডক সুযোগ দিয়া হৈছে। বাংলাদেশৰ কাষত থিয় দি পাকিস্তানে পুনৰবাৰ ভাৰতৰ বিৰুদ্ধে মেচ বৰ্জনৰ ঘোষণা কৰি জয় শ্বাহক প্রত্যাহ্বানৰ সন্মুখত ৰাখিছে। বিশ্ব কাপ আৰম্ভ হোৱাৰ আগেয়েই আকর্ষণীয় হৈ পৰিছে।

বিতৰ্কৰ মাজতে অব্যাহত আছে প্রস্তুতি। ভাৰতৰ ৫খন আৰু শ্রীলংকাৰ ৩খন ষ্টেডিয়ামত মুঠ ৫৫খন খেল অনুষ্ঠিত হ'ব। এই তালিকাত কলকাতাৰ ইডেন গার্ডেনো আছে। ইডেনত প্ৰথম দিনাই প্রথমখন মেচ অনুষ্ঠিত হ'ব। খেলখনত মুখামুখি হ'ব ৱেষ্ট ইন্ডিজ আৰু স্কটলেণ্ড। একেদিনাই খেলপথাৰত নামিব পাকিস্তান-নেদাৰলেণ্ড আৰু ভাৰত-আমেৰিকা। এই ৪টা দলৰ সৈতে গ্রুপ 'এ'ত আছে নামিবিয়া। 'বি' গ্ৰুপত আছে অস্ট্রেলিয়া, শ্রীলংকা, আয়াৰলেণ্ড, জিম্বাবুৱে আৰু ওমান। গ্রুপ 'চি'ত স্থান পাইছে ইংলেণ্ড, রেষ্ট ইণ্ডিজ, নেপাল, ইটালি আৰু স্কটলেণ্ডে। 'ডি' গ্ৰুপত দক্ষিণ আফ্রিকা, নিউজিলেণ্ড, আফগানিস্তান, কানাডা আৰু ইউ এ ই আছে।

এইবাৰৰ বিশ্ব কাপত আকর্ষণীয় কেন্দ্র ইটালি। ফুটবলত ৪ বাৰৰ বিশ্বজয়ী ইটালিয়ে প্ৰথমবাৰ খেলিব ক্রিকেট বিশ্ব কাপত। নিউজিলেণ্ডৰ উপৰি ভাৰতৰ সৈতে বিশ্ব কাপ জয়ৰ দৌৰত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্রিকা। টুফী পুনৰ দখল কৰাৰ ক্ষেত্ৰত এই ৪ দলেই হ'ব ভাৰতৰ মূল প্রতিপক্ষ। ইয়াৰ মাজতে বাংলাদেশক বহিষ্কাৰ আৰু পাকিস্তানে ভাৰতৰ মেচ বৰ্জন কৰাৰ লগে লগে বিশ্ব কাপৰ আকৰ্ষণ অলপ হ'লেও হ্রাস পাব।

Share This