ডিজিটেল ডেস্ক : আঞ্চলিক নিৰাপত্তা, সংঘৰ্ষ আৰু সামৰিক সংঘাতৰ বিষয়ত ভিত্তি কৰি বিশ্বৰ ১৬৩খন দেশৰ ভিতৰত ২০২৬ চনৰ গোলকীয় শান্তি সূচক প্রকাশ কৰা হৈছে। একেৰাহে ১৯ বছৰ ধৰি বিশ্বৰ সবাতোকৈ শান্তিপূর্ণ দেশ হিচাপে পৰিগণিত হৈছে আইচলেণ্ড। আনহাতে, শ্লোভেনিয়াই শীৰ্ষৰ ৫খন দেশৰ তালিকাত স্থান পাইছে।
ইফালে, যুদ্ধ-সংঘর্ষ আৰু উত্তেজনাৰ মাজত থকা ইজৰাইলে ১৫৯ সংখ্যক স্থান লাভ কৰিছে। এইবাৰৰ গোলকীয় শান্তি সূচকত বিশ্বৰ বাবে ইতিবাচক বার্তা নাই। একেৰাহে ১২ বছৰৰ বাবে বিশ্বত শান্তি বিঘ্নিত হৈ আছে। অৱশ্যে, এতিয়াও ব্যাপক পৰিসৰত বিশ্বৰ বিভিন্ন দেশে ভূ-ৰাজনৈতিক সুস্থিৰতা, সুৰক্ষা আৰু আপেক্ষিকভাৱে শান্তি বজাই ৰাখিবলৈ সক্ষম হৈছে আৰু পৰ্যটকক আকৰ্ষণ কৰিবলৈ পৰিকল্পনা কৰিছে।
বিশ্বৰ সবাতোকৈ শান্তিপূর্ণ শীৰ্ষৰ ৫খন দেশৰ ভিতৰত আই চলেণ্ড, নিউজিলেণ্ড, ছুই জাৰলেণ্ড, শ্লোভেনিয়া আৰু আয়াৰলেণ্ডে স্থান লাভ কৰিছে। আনহাতে, বিশ্বৰ শান্তিপূর্ণ দেশৰ তালিকাত ভাৰতে ১২৭ সংখ্যক স্থান পাইছে।