আই ই এৰ 'ৱৰ্ল্ড এনার্জী ইনভেষ্টমেন্ট ২০২৬'ৰ প্ৰতিবেদন, ইতিহাসৰ গভীৰতম শক্তি সংকটত বিশ্ব

dainik janambhumi June 01, 2026

ডিজিটেল ডেস্ক: ইতিহাসৰ আটাইতকৈ গভীৰ শক্তি সংকটৰ সন্মুখীন হৈছে বিশ্ব। এই সতর্কবাণী শুনাইছে আন্তঃৰাষ্ট্ৰীয় শক্তি এজেন্সীয়ে (আই ই এ)। আই ই এৰ মতে, বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ধাৰা কিমান দিনলৈ অব্যাহত থাকে তাৰ কোনো নিশ্চয়তা নাই।

আনহাতে পশ্চিম এছিয়াত অব্যাহত থকা সংঘর্ষ আৰু হৰমুজ প্রণালীৰে জাহাজৰ চলাচল বন্ধ হৈ থকাৰ ফলত বিশ্বত শক্তি কৌশলৰ দিশত পৰিৱৰ্তন দেখা পোৱা গৈছে।

আই ই এই শেহতীয়া এখন প্রতিবেদনত কয় যে ১৯৭০ দশকৰ তেল সংকটৰ পাছত প্ৰথমবাৰলৈ বিশ্বই শক্তিৰ সুৰক্ষা আৰু বিনিয়োগ কৌশলৰ সম্পৰ্কত পুনৰ ভাবিবলৈ বাধ্য হৈছে। আই ই এৰ শেহতীয়া প্রতিবেদন 'ৱৰ্ল্ড এনার্জী ইনভেষ্টমেন্ট ২০২৬'ত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছে। শক্তি সুৰক্ষাক লৈ চিন্তা বৃদ্ধি পোৱাৰ ফলত সমগ্ৰ বিশ্বৰ চৰকাৰ আৰু কোম্পানীসমূহে দ্রুত গতিত নিজৰ যোগান শৃংখলা আৰু বাণিজ্যিক পথসমূহ তথা শক্তি নিৰ্ভৰশীলতাক পুনৰ মূল্যাংকন কৰিবলৈ বাধ্য হৈছে। আই ই এৰ কার্যবাহী সঞ্চালক ফাতিহ বিৰলে কয়, 'আমি ইতিহাসৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ শক্তি সংকটৰ মাজেৰে আগবাঢ়িছোঁ।' তেওঁ বৰ্তমানৰ পৰিস্থিতিক ১৯৭০ দশকৰ তেল সংকটৰ সময়ত হোৱা গাঁথনিমূলক পৰিৱৰ্তনৰ সৈতে তুলনা কৰে। 

প্ৰতিবেদনখনত হৰমুজ প্রণালীত চলি থকা অৱৰোধৰ লগতে এই সামুদ্রিক পথেৰে জাহাজৰ চলাচল বন্ধ হৈ থকাৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰি কোৱা হৈছে যে ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ বাবে অধিক সংকটৰ সৃষ্টি কৰিছে। এই পথেৰে বিশ্বৰ মুঠ চাহিদাৰ প্ৰায় ২০% খাৰুৱা তেল পৰিবহণ কৰা হয়। প্রতিবেদনখনত উল্লেখ কৰা মতে, বিশ্বত সৃষ্টি হোৱা গভীৰ সংকটে এতিয়া শক্তিৰ আমদানিত নিৰ্ভৰশীল দেশবোৰে নিজৰ মধ্য প্রাচ্যৰ বাদেও আন দেশত শক্তিৰ উৎসৰ সন্ধান কৰিছে আৰু বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা বাধাসমূহৰ প্ৰভাৱ হ্রাস কৰাৰ চেষ্টা কৰি আছে। ইয়াৰ লগতে এই সংকটৰ পৰা মুক্ত হোৱাৰ বাবে বিভিন্ন উপায় গ্রহণ কৰিছে। ইয়াৰ ভিতৰত পুনৰ ব্যৱহাৰযোগ্য শক্তি, পাৰমাণৱিক শক্তি, বিদ্যুতৰ আন্তঃগাঁথনি আৰু কয়লাৰ জৰিয়তে শক্তি উৎপাদনৰ দৰে ঘৰুৱা পদক্ষেপ গ্রহণ কৰিছে। প্রতিবেদনখনৰ মতে, চলিত বিত্তীয় বর্ষত তেল খণ্ডত বিনিয়োগ হ্রাস পাব। 

বিশ্বৰ ভূ-ৰাজনৈতিক উত্তেজনাৰ ফলত খাৰুৱা তেলৰ দাম উচ্চ হৈ থকাৰ সময়তে তেল খণ্ডত বিনিয়োগ ৫০,০০০ ডলাৰৰ তললৈ নামিব। আই ই এৰ মতে চলিত বছৰত শক্তিখণ্ডত বিনিয়োগ ৩.৪ লাখ কোটি ডলাৰলৈ বৃদ্ধি পাব। ইয়াৰে ২.২ লাখ কোটি ডলাৰ বিদ্যুৎ গ্রিড, বেটাৰ ষ্টৰেজ, নিৰ্মল ইন্ধনৰ উৎপাদন, পাৰমাণৱিক শক্তিৰ দৰে খণ্ডত বিনিয়োগ কৰা হৈছে।

Share This