ডিজিটেল ডেস্ক : ভাৰতৰ সিন্ধু চুক্তি স্থগিতকৰণৰ বিষয়ত পাকিস্তানে পুনৰ ভাবুকি দিছে ভাৰতক। লস্কৰ-এ-টয়বাৰ (এল এ টি) মুৰব্বী তথা দুর্ধর্ষ সন্ত্রাসবাদী হাফিজ ছৈয়দৰ সুৰত সুৰ মিলাই পাকিস্তানী সেনাৰ মুখপাত্র লেফটেনেন্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে ভাৰতক তীব্র হুংকাৰ দি কয় যে ভাৰতে যদি পাকিস্তানী লোকৰ পানী বন্ধ কৰে, তেনেহ'লে তেওঁলোকে ভাৰতীয়ৰ উশাহ বন্ধ কৰিব। পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ত সমৱেত জনতাক সম্বোধন কৰি দিয়া ভাষণত পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াজনে কয়, 'যদি আপোনালোকে আমাৰ পানী বন্ধ কৰে, আমি আপোনালোকৰ উশাহ বন্ধ কৰিম।'
পহলগাম-কাণ্ডৰ পাছত ভাৰতে সিন্ধু জল চুক্তি স্থগিত কৰি পাকিস্তানলৈ নদীখনৰ জলধাৰা বন্ধ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ এইদৰে কয়। ২০০৮ চনৰ মুম্বাইত সন্ত্রাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈয়দেও সেনা বিষয়াজনৰ দৰে অনুৰূপ মন্তব্য কৰিছিল। দুর্ধর্ষ সন্ত্রাসবাদী আৰু পাক সেনাৰ জ্যেষ্ঠ বিষয়াৰ ভাষণৰ এই সাদৃশ্যই প্রমাণ কৰিছে যে পাকিস্তানৰ চৰকাৰখন হৈছে সন্ত্রাসবাদীৰ হাতৰ পুতলা।
উল্লেখযোগ্য যে এল এ টিৰ মুৰব্বী হাফিজ ছৈয়দে প্রায়ে ভাৰতৰ বিৰুদ্ধে এনেধৰণৰ উচটনিমূলক মন্তব্য দি আহিছে। আনহাতে, ভাৰতে বাৰে বাৰে কৈছে যে তেজ আৰু পানী একেলগে ব'ব নোৱাৰে। পাকিস্তানী সেনা আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত সীমাৰ সিপাৰৰ পৰা ভাৰতত সন্ত্রাসবাদীৰ কাৰ্যকলাপ বন্ধ নকৰালৈকে ভাৰতে সিন্ধু জল চুক্তিৰ স্থগিতকৰণ উঠাই নলয় বুলি সজোৰে প্ৰকাশ কৰিছে।