পাঁচটা নিয়ম সলনি আই এফ এ বিৰ, অধিক ৰোমাঞ্চকৰ হ'ব ফুটবল বিশ্ব কাপ

dainik janambhumi June 08, 2026

ডিজিটেল ডেস্ক: ফুটবলৰ মেচসমূহ অধিক গতি সম্পন্ন তথা ৰোমাঞ্চকৰ কৰি তোলাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ফুটবল এছ'চিয়েশ্যন ব'র্ডে (আই এফ এ বি) কিছুমান নিয়মৰ সালসলনি কৰিছে। এইবাৰৰ বিশ্ব কাপৰ পৰাই এই নতুন নিয়মসমূহ কাৰ্যকৰী কৰা হ'ব। ইয়াৰ ফলত বিশ্ব কাপৰ খেলসমূহ অধিক গতিসম্পন্ন তথা ৰোমাঞ্চকৰ হৈ পৰাৰ আশা কৰা হৈছে। 

নতুন নিয়মত ভিডিঅ' এছিষ্টেণ্ট ৰেফাৰি বা 'ভাৰ'ক অধিক ক্ষমতা দিয়া হৈছে। ভুলতে দ্বিতীয়বাৰ হালধীয়া কার্ড প্ৰদৰ্শন কৰা, শাস্তি দিয়াত কৰা ভুল তথা ৰেফাৰীয়ে ভুল কৰি দিয়া কৰ্ণাৰ কিকৰ নিৰ্দেশ ভাৰে সলনি কৰিব পাৰিব। খেল পুনৰ আৰম্ভ হোৱাৰ আগতে হোৱা ফাউলো ভাৰে নিৰীক্ষণ কৰিব। খেল আৰম্ভ হোৱাৰ আগতে কোনো অপৰাধ হ'লে ৰেফাৰীয়ে মনিটৰত ঘটনাটো নিৰীক্ষণ কৰি শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব। ইফালে খেলপথাৰত তর্কাতর্কি হোৱাৰ সময়ত খেলুৱৈয়ে হাত, বাহু বা জাৰ্ছিৰে মুখ ঢাকি কথা ক'লে ৰেফাৰীয়ে ৰঙা কার্ড প্ৰদৰ্শন কৰিব পাৰিব। ৰেফাৰীৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰি কোনো খেলুৱৈয়ে খেলপথাৰ ত্যাগ কৰিলে সেই মেচখন দলটোৱে পৰিত্যাগ কৰা বুলি গণ্য কৰা হ'ব। ইফালে থ্র' ইন আৰু গ'ল কিকৰ বাবে ৰেফাৰীয়ে মাত্র পাঁচ ছেকেণ্ড সময় দিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত গ'ল থ্ৰ কৰিব নোৱাৰিলে বা বল কিক কৰিব নোৱাৰিলে প্রতিপক্ষক সেই সুবিধা দিয়া হ'ব। 

আনহাতে, খেল চলি থকা অৱস্থাত খেলুৱৈ সলনিৰ বাবে ১০ ছেকেণ্ড সময় নির্ধাৰণ কৰি দিয়া হৈছে। ৰেফাৰীয়ে সংকেত দিয়াৰ দহ ছেকেণ্ডৰ ভিতৰত খেলুৱৈৰ প্ৰস্থান আৰু পৰিৱৰ্তিত খেলুৱৈৰ প্ৰৱেশ হ'ব লাগিব। আৰু ১০ ছেকেণ্ডৰ ভিতৰত খেলুৱৈ সলনি নকৰিলে ৬০ ছেকেণ্ডলৈকে খেলুৱৈ নোহোৱাকৈয়ে খেলিব লাগিব। খেলুৱৈয়ে আঘাত পালে খেলপথাৰত ফিজিঅ'ৰ চিকিৎসা লোৱাৰ সময়ো নিৰ্ধাৰণ কৰা হৈছে। এনে খেলুৱৈ কমেও এক মিনিট খেলপথাৰৰ বাহিৰত থাকিব লাগিব।

Share This