ডিজিটেল ডেস্ক : দিল্লীৰ উত্তৰ দিশৰ পৰা গুজৰাটৰ দক্ষিণ দিশলৈকে বিয়পি থকা বিশ্বৰ সবাতোকৈ পুৰণি পৰ্বতমালা আৰাৱলী ৰাজস্থানৰ ১২খন জিলাব্যাপী আছে। উত্তৰ ভাৰতৰ সেউজ বক্ষমালা হিচাপে খ্যাত আৰাৱলীয়ে অঞ্চলটোৰ পৰিৱেশক সুৰক্ষা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। কিন্তু এই আৰাৱলী পর্বতমালাত চলা অবৈধ খনন আৰু বেদখলে এই পৌৰাণিক পৰ্বতমালাৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।
ৰাষ্ট্ৰীয় সংবাদ এন ডি টিভিয়ে চলোৱা চৰজমিন তদন্তত প্রকাশ পাইছে যে আৰাৱলী পর্বতমালাত ব্যাপক হাৰত অবৈধ খননকার্য চলি আছে আৰু এই খননকার্যই পর্বতমালাটোৰ পাৰিপার্শ্বিক দিশটোক ভয়াবহভাৱে ক্ষতিগ্রস্ত কৰিছে। আৰাৱলী ৰেঞ্জৰ অংশ ৰাজস্থানৰ আলৱাৰ জিলাৰ ছাৰিস্কা টাইগাৰ ৰিজার্ভ বেয়াকৈ ক্ষতিগ্রস্ত হোৱা অঞ্চল হিচাপে চিনাক্ত হৈছে। আধ্যাত্মিক গুৰুত্ব থকা সপ্তর্ষীৰ ধ্যানৰ স্থলী হিচাপে পৰিচিত অঞ্চলটোত এতিয়া অবাধে চলিছে অবৈধ খননকার্য।
উল্লেখযোগ্য যে ২০২৩ চনত উচ্চতম ন্যায়ালয়ে আৰাৱলীৰ এক কিল'মিটাৰ ব্যাসার্ধৰ ভিতৰত খননকার্য নিষিদ্ধ কৰিছিল। কিন্তু শেহতীয়াকৈ আৰাৱলী পৰ্বতমালাৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত খননকার্য চলোৱাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অনুমতি দিছে। কিন্তু শেহতীয়াকৈ ছাৰিস্কা, তেহলা আৰু আলৱাৰ অঞ্চলত ব্যাপক হাৰত খননকার্য চলি থকাৰ বিষয়টো পোহৰলৈ আহিছে।