ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আই এম এফ) শুকুৰবাৰে বৰ্তমানৰ 'সম্প্ৰসাৰিত পুঁজি সুবিধা' (এক্সটেন্ডেড ফাণ্ড ফেচিলিটী)ৰ অধীনত পাকিস্তানলৈ ১ বিলিয়ন ডলাৰৰ তাৎক্ষণিক আবণ্টনত অনুমোদন জনায়।
এটা বিজ্ঞপ্তিত আমেৰিকাৰ ৱাশ্বিংটনস্থিত আন্তঃৰাষ্ট্ৰীয় ঋণদাতা প্রতিষ্ঠানটোৱে কয় যে ইয়াৰ কাৰ্যবাহী পৰিষদে 'সম্প্ৰসাৰিত পুঁজি সুবিধা'ৰ (ই এফ এফ) ব্যৱস্থাৰ অধীনত পাকিস্তানৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰাথমিক পৰ্যালোচনা সমাপ্ত কৰিছে। আই এম এফে বিবৃতিত কয়, 'এই সিদ্ধান্তই ১ বিলিয়ন ডলাৰ তাৎক্ষণিক আবণ্টনৰ অনুমতি দিয়ে, ইয়াৰ ফলত এই ব্যৱস্থাৰ অধীনত মুঠ আবণ্টন হ'লগৈ ২.১ বিলিয়ন ডলাৰ।'
ইয়াৰ উপৰি আই এম এফৰ কাৰ্যবাহী পৰিষদে 'পুনৰোদ্যম আৰু বহনক্ষমতা সুবিধা' (আৰ এছ এফ)-ৰ অধীনত এক ব্যৱস্থাৰ বাবে পাকিস্তানে কৰা অনুৰোধতো অনুমোদন জনায়। এই ব্যৱস্থাত পাকিস্তানে প্রায় ১.৪ বিলিয়ন ঋণ লাভৰ সুবিধা আছে। আই এম এফে এটা বিবৃতিত কয় যে পাকিস্তানৰ ৩৭ মহীয়া ই এফ এফ ২০২৪ চনৰ ২৫-ছেপ্টেম্বৰত অনুমোদন জনোৱা হৈছিল। উল্লেখযোগ্য যে কাৰ্যবাহী পৰিষদৰ বৈঠকৰ আগত ভাৰতে পাকিস্তানৰ ঋণ পৰিশোধৰ অতীতৰ অৱস্থা তথা এই ঋণ সন্ত্রাসবাদৰ বাবে ব্যৱহাৰ হোৱাৰ আশংকাৰে উদ্বেগ প্রকাশ কৰিছিল আৰু পৰিষদত ভোটদানৰ পৰা বিৰত আছিল।