ডিজিটেল ডেস্ক: নাগৰিকত্ব আইন সংশোধনী (কা) বিৰোধী সমন্বয় সমিতি, অসমে এটা বিবৃতিত আমেৰিকা-ইজৰাইলে ইৰানৰ ওপৰত যুদ্ধ জাপি দি ইৰানৰ লগতে সমগ্ৰ বিশ্বৰ জনতাক অস্থিৰ আৰু সংকটৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ তীব্র নিন্দা কৰিছে।
কাকতলৈ প্ৰেৰণ কৰা বিবৃতিটোত সভাপতি ড° হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলীয়ে কয় যে যুদ্ধই ১২ দিন অতিক্ৰম কৰিছে আৰু ইতিমধ্যে ভয়ানক দাম বৃদ্ধি, পেট্রল-ৰন্ধন গেছৰ নাটনি আদি যুদ্ধৰ কু-প্ৰভাৱ আমাৰ দেশতো প্রকট হৈ পৰিছে। এই যুদ্ধৰ পোনপটীয়া প্ৰভাৱ চাহ অর্থনীতিতো পৰিব, কিয়নো ইৰান হৈছে ভাৰতীয় চাহৰ বিশেষকৈ অসমৰ চাহৰ অন্যতম ৰপ্তানিকাৰী দেশ।
বিবৃতিটোত কয় যে আমেৰিকা-ইজৰাইল যুটিৰ ইৰান আক্ৰমণৰ ঘটনাক ভাৰতৰ মোদী চৰকাৰে গৰিহণা দিয়াৰ সাহস গোটাব পৰা নাই আৰু ভাৰতৰ পূৰ্বৰ গোষ্ঠী নিৰপেক্ষ অৱস্থানৰ পৰা সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি ভাৰতবৰ্ষক আমেৰিকাৰ বহতীয়া দেশত পৰিণত কৰিছে যাৰ ফলত ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিছে আৰু ভাৰতৰ পূৰ্বৰ স্বাভিমান আৰু আত্মসন্মান মাটিত মিহলি হৈ পৰিছে।
BRICSৰ সভাত যাবলৈ মানা কৰা, ৰাছিয়াৰ পৰা ভাৰতে তেল ক্রয় কৰিব পাৰিব নে নাই সেয়া ট্রাম্পে নিৰ্ণয় কৰা আদি কাৰ্যৰ দ্বাৰা মোদীক ট্রাম্পে নিজৰ আজ্ঞাবাহী ভৃত্যৰ দৰে নিৰ্দেশ দিয়া ঘটনাই ভাৰতৰ স্বাধীনমনা লোকক বিশ্ববাসীৰ ওচৰত লজ্জিত কৰি তুলিছে। বিবৃতিত কয় যে ইৰানে আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ প্ৰস্তাৱ দিয়াৰ পাছতো আনকি আলোচনাৰ সকলো চৰ্ত মানি লোৱাৰ পাছতো আমেৰিকা-ইজৰাইল যুটিয়ে ৰাষ্ট্ৰসংঘৰ নীতি উলংঘা কৰি ইৰানৰ সৰ্বোচ্চ নেতাগৰাকীক হত্যা কৰাতে ক্ষান্ত নাথাকি অসামৰিক লোক, স্কুল, কলেজ, চিকিৎসালয় আদি লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছে আৰু কেইবাশ নিৰীহ লোকৰ আনকি ছাত্ৰ-ছাত্ৰীক হত্যা কৰিছে। এই যুদ্ধ অব্যাহত থাকিলে তৃতীয় বিশ্ব যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে যি মানৱ সভ্যতাৰ প্ৰতি ভাবুকি হৈ উঠিব।
বিবৃতিত যুদ্ধৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰি আমেৰিকা-ইজৰাইল যুটিৰ ইৰান আক্ৰমণৰ ঘটনাক বিৰোধিতা কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত দাবী জনোৱা হয় আৰু আমেৰিকাৰ স্বাৰ্থত বিশেষকৈ খাৰুৱা তেলৰ বজাৰত আমেৰিকাৰ একচেটিয়া নিয়ন্ত্রণ প্রতিষ্ঠা কৰাৰ স্বাৰ্থত সৃষ্টি কৰা এই যুদ্ধই কঢ়িয়াই অনা অৰ্থনৈতিক সংকটৰ বোজা ভাৰতৰ জনসাধাৰণৰ ওপৰত জাপি নিদিবলৈ দাবী জনায়। আমেৰিকা-ইজৰাইলৰ দাদাগিৰিয়ে সকলো সীমা অতিক্রম কৰিছে আৰু যুদ্ধবাজ নীতিৰ বিৰুদ্ধে প্রবল গণ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে।