ইমৰান খানক পত্নীসহ ১৭ বছৰৰ কাৰাদণ্ড

dainik janambhumi December 21, 2025

ডিজিটেল ডেস্ক : তোষাখানা ২ দুর্নীতিৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী তথা কাৰাবন্দী হৈ থকা ইমৰান খান আৰু তেওঁৰ পত্নী বুশ্বৰা বিবিক ১৭ বছৰৰ বাবে কাৰাদণ্ডৰ ৰায় দিয়া হয়। ২০২২ চনৰ এপ্রিল মাহত ক্ষমতাচ্যুত হোৱা প্ৰাক্তন প্রধানমন্ত্রী খান কেইবাটাও গোচৰৰ সন্মুখীন হৈ ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ৰাৱালপিণ্ডিৰ আদিয়ালা জে'লত ইতিমধ্যে কাৰাবাসত আছে। 

উল্লেখযোগ্য যে এই তোষাখানা ২ দুর্নীতিৰ গোচৰটো হৈছে প্রধানমন্ত্রী হৈ থকাৰ সময়ত ২০২১ চনত ইমৰান খানে ছৌডি আৰবৰ চৰকাৰৰ পৰা পোৱা চৰকাৰী উপহাৰৰ কেলেংকাৰি কৰাৰ অভিযোগ উঠিছিল। ৰাৱালপিণ্ডিৰ আদিয়ালা জে'লত গোচৰটোৰ ৰায় বিশেষ আদালতৰ ন্যায়াধীশ শ্বাহৰুখ আর্জুমণ্ডে ঘোষণা কৰে। আদালতখনে ইমৰান আৰু তেওঁৰ পত্নী উভয়কে ১৬.৪ মিলিয়ন 'পি কে আৰ'ৰ জৰিমনাও বিহে।

Share This