ইমৰান খানক পুনৰ কাৰাগাৰৰ নিৰ্জন কুঠৰীলৈ পি টি আইৰ কৰ্মী, পৰিয়ালৰ প্ৰৱল প্ৰতিবাদ

dainik janambhumi December 11, 2025

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী ইমৰান খানক পুনৰ আদিয়ালা কাৰাগাৰৰ নিৰ্জন কুঠৰীলৈ প্ৰেৰণ কৰিলে দেশখনৰ সেনাই। তদুপৰি, বিগত ৯ দিনে পৰিয়ালৰ লোক আৰু অধিবক্তাকো প্রাক্তন প্রধানমন্ত্রীজনক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই। আদিয়ালা কাৰাগাৰ কৰ্তৃপক্ষই এই কথা নিশ্চিত কৰিছে। 

উল্লেখযোগ্য যে মঙলবাৰে নিশা পাকিস্তান তেহৰিক-এ-ইনচাফ (পি টি আই) দলৰ একাংশ সদস্যৰ লগতে ইমৰান খানৰ পৰিয়ালৰ লোকে তেওঁক সাক্ষাৎ কৰিবলৈ দিয়াৰ দাবীত আদিয়ালা কাৰাগৰৰ সন্মুখত এক শান্তিপূর্ণ প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে দেশখনৰ চৰকাৰ আৰু সেনাৰ নেতৃত্বৰ বিৰুদ্ধে শ্ল'গানো দিয়ে। মাজনিশালৈ প্রতিবাদী জনতাক ছত্রভংগ দিয়াবলৈ পঞ্জাব আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰাৰ লগতে পানী হিলৈও নিক্ষেপ কৰে। আৰক্ষীৰ লাঠীচালনাত পাকিস্তান তেহৰিক-ই-ইনচাফ দলৰ বহু নেতা-কর্মী গুৰুতৰভাৱে আহত হয়।

Share This