ইমৰান খানৰ মুক্তি বিচাৰি আৱেদন ইছলামাবাদ উচ্চ ন্যায়ালয়ত

dainik janambhumi May 11, 2025

ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাৰ মাজতে কাৰাবাসত থকা পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী ই মৰান খানৰ দলটোৱে তেওঁৰ মুক্তি বিচাৰি দেশখনৰ এখন উচ্চ ন্যায়ালয়ত শুকুৰবাৰে আৱেদন দাখিল কৰে। 

প্ৰাক্তন প্রধানমন্ত্রী ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ পার্টিয়ে এটা হোৱাটছ এপ মেছেজত সদৰী কৰা অনুসৰি, পাৰ্টিটোৱে আদালতত দাখিল আৱেদনখনত কয় যে দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকাৰ বাবে প্রাক্তন প্রধানমন্ত্রী খানৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু ভাৰতৰ সৈতে হোৱা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক জে'লৰ পৰা মুকলি কৰি দিব লাগে। খানৰ দলটোৰ হৈ খাইবাৰ পাখতুনখাৱা প্ৰদেশৰ মুখ্যমন্ত্রী আলী আমিন গান্দাপুৰে দলটোৰ মুৰব্বী ইমৰান খানৰ মুক্তিৰ বাবে ইছলামাবাদ উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰে। 

উল্লেখযোগ্য যে বহুকেইটা গোচৰত অভিযুক্ত হৈ ২০২৩ চনৰ মাজভাগৰ পৰা ৭২ বছৰীয়া ইমৰান খান ৰাৱালপিণ্ডিৰ আদিয়ালা জে'লত বন্দী হৈ আছে।

Share This