বংগত শুভেন্দু চৰকাৰে ৫ টকাত দিব মাছ-ভাত, সপ্তাহত দুদিন ৪০০খন কেন্টিনত জনতাক যোগান ধৰা হ'ব

dainik janambhumi May 27, 2026

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ বিজেপি চৰকাৰে সাধাৰণ জনতাক ৫ টকাত মাছ-ভাত যোগান ধৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে মঙলবাৰে এই কথা প্রকাশ কৰে। 

তেওঁ কয় যে শীঘ্ৰেই চৰকাৰে ৰাজ্যখনৰ ৪০০খন কেন্টিনত সপ্তাহত দুদিনকৈ সাধাৰণ জনতাৰ বাবে ৫ টকাত মাছ-ভাতৰ ব্যৱস্থা কৰিব। তদুপৰি, মহিলাসকলৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ ঘোষণা কৰে। তেওঁ কয় যে ২৭মে'ৰ পৰা অন্নপূর্ণা যোজনাৰ ফৰ্ম প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত মহিলাসকলক মাহে ৩০০০ টকাকৈ প্ৰদান কৰা হ'ব। 

ৰাজ্যখনত থকা সকলো ভাৰতীয় মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ কয়। তদুপৰি, স্কুল-কলেজ বা ধর্মীয় স্থানৰ এক কিল'মিটাৰৰ ভিতৰত সুৰাৰ বিপণীৰ অনুমতি প্রদান কৰা নহ'ব বুলিও তেওঁ কয়।

Share This