ডিজিটেল ডেস্ক : ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত (ইউ এন জি এ) মঙলবাৰে ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানক তীব্ৰ সকীয়নি প্রদান কৰে। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কয়, 'তেওঁৰ সন্মুখত এতিয়া এটা বৃহৎ সিদ্ধান্তই অপেক্ষা কৰি আছে- ইৰানে আমেৰিকাৰ সৈতে চুক্তি কৰিবনে বা আমেৰিকাই ইৰানক সম্পূৰ্ণৰূপে ধ্বংস কৰিব। ট্রাম্পে ভাষণত কয়, 'মই এটা ডাঙৰ সিদ্ধান্ত ল'ব লগা আছে।
ইৰানৰ সৈতে এনে এখন চুক্তি হ'বনে, যিয়ে দেশখনক পুনৰ নিৰ্মাণ কৰিবলৈ আৰু মধ্য প্রাচ্য বিশ্বৰ ভিতৰতে এখন মহান দেশ হিচাপে গঢ়ি তুলিবলৈ সুযোগ দিব।' ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানক সকীয়নি দি কয় যে চুক্তি কৰক, অন্যথা আমেৰিকাই ইছলামিক গণৰাজ্য (ইৰান)ক অতি সোনকালে সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি দিব, যাতে তেওঁলোকে আন দেশ আৰু মানুহক হত্যা বা ধ্বংস কৰাৰ সুযোগ কেতিয়াও নেপায়। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে অহা ৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে ইৰানৰ সৈতে আমেৰিকাই এখন চুক্তি কৰিব।
৮০ বছৰীয়া মার্কিন ৰাষ্ট্ৰপতিজনে যোৱা ৬ মাহ ধৰি তেহৰানৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক আক্ৰমণৰ বিষয়ে কৈ থকাৰ সময়ত ইৰানী প্রতিনিধি দলটোৰ সদস্যসকলে সভাকক্ষ ত্যাগ কৰে। ট্রাম্পে ইৰানৰে চলাই থকা আক্ৰমণক সমৰ্থন কৰি কয় যে ইৰানে পাৰমাণৱিক ক্ষেত্ৰক সমৃদ্ধ কৰিলে সমগ্ৰ বিশ্বৰ বাবেই ক্ষতি হ'ব। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধখন তেওঁৰ মধ্যস্থতাত বন্ধ হৈছিল বুলি ভাষণৰ সময়ত পুনৰ দাবী কৰে।