পশ্চিম বংগত কটা যাব ১.৩৪ কোটি ভোটাৰৰ নাম, মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ আশংকা ঘনীভূত কৰি বিশেষ পর্যবেক্ষক সুব্রত গুপ্তা

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্ক : পশ্চিম বংগত নির্বাচন আয়োগে চলোৱা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী প্ৰক্ৰিয়াৰ (এছ আই আৰ) পাছত মঙলবাৰে ৰাজ্যখনৰ ভোটাৰৰ এখন খচৰা তালিকা প্রকাশ কৰিছিল। এই খচৰা ভোটাৰ তালিকাত ৫৮ লাখ ভোটাৰৰ নাম কর্তন কৰা হৈছিল। আনহাতে, ৰাজ্যখনত এছ আই আৰ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে নিযুক্তি দিয়া নির্বাচন আয়োগৰ বিশেষ পর্যবেক্ষক সুব্রত গুপ্তাই বুধবাৰে সংবাদ মাধ্যমক কয় যে ৰাজ্যখনত প্রায় ১.৩৪ কোটি ভোটাৰৰ তথ্যত অসামঞ্জস্য পোৱা গৈছে আৰু সেইসকল ভোটাৰৰ তথ্য সূক্ষ্মভাৱে পৰীক্ষা কৰি থকা হৈছে। 

খচৰা ভোটাৰ তালিকা প্রকাশৰ পাছতে গুপ্তাই এই মন্তব্য কৰাটো যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। ইতিমধ্যে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে দাবী কৰিছিল যে ৰাজ্যখনত ১.৫ কোটি ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্র কৰিছে বিজেপি আৰু নির্বাচন আয়োগে। মুখ্যমন্ত্ৰীগৰাকীৰ এই দাবীৰ পাছত বিশেষ পর্যবেক্ষকজনৰ মন্তব্য লক্ষ্যণীয় হৈ পৰিছে। গুপ্তাই কয় যে প্রকৃত তথ্যৰ সৈতে আপল'ড আৰু ডাটা পৰিৱৰ্তনত হোৱা ভুল, হাতে লিখা তথ্যত ভুল আদি বিষয় সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ১.৩৪ কোটি ভোটাৰে দিয়া তথ্যত বিসংগতি দেখা গৈছে আৰু নির্বাচন আয়োগে এই তথ্যবোৰ পৰীক্ষা কৰি আছে। ঘটনাক্ৰমত পৰীক্ষা কৰাৰ পাছত এই ভোটাৰৰ নামবোৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব পাবে। অগ্রাধিকাৰৰ ভিত্তিত এইসমূহ পুনৰ পৰীক্ষা কৰা হ'ব বুলি বিশেষ পর্যবেক্ষক গুপ্তাই সংবাদ মাধ্যমক অৱগত কৰে। আনহাতে, এইবাৰৰ এছ আই আৰ প্ৰক্ৰিয়াৰ বিষয়ত অবলোকন কৰি গুপ্তাই কয় যে এই প্রক্রিয়াত ঘৰে ঘৰে ব্যাপকভাৱে ভোটাৰৰ পুনৰীক্ষণ চলোৱা হৈছে। তেওঁ কয় যে পশ্চিম বংগত চলোৱা এছ আই আৰ প্রক্রিয়াত জনসাধাৰণৰ সঁহাৰি যোগাত্মক আছিল। সেই বাবে এতিয়ালৈকে ৫৮ লাখ ভোটাৰৰ নাম কর্তন কৰিবলৈ আয়োগ সক্ষম হৈছে। 

আনহাতে, নর্থ কলকাতাত সর্বাধিক হাৰত ভোটাৰৰ নাম কর্তন হোৱাৰ বিষয়ত গুপ্তাই কয় যে চহৰলৈ প্ৰব্ৰজন বৃদ্ধি হোৱাৰ বাবেই এই ঘটনা হৈছে। আনহাতে, বিশেষ পর্যবেক্ষক গুপ্তাৰ এই মন্তব্যৰ পাছত ৰাজ্যখনত শাসকীয় তৃণমূল কংগ্রেছ আৰু মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কি ভূমিকা লয় সেয়া লক্ষণীয় হ'ব। মুখ্যমন্ত্রী বেনার্জীয়ে কৈছিল যে এছ আই আৰত ৰাজ্যখনৰ এজনো প্রকৃত ভোটাৰৰ নাম যদি বাদ পৰে, তেওঁ অনির্দিষ্টকালীন ধর্ণাত বহিব।

Share This