ডিজিটেল ডেস্ক : পশ্চিম বংগত চলি থকা বিশেষ ব্যাপক পুনৰীক্ষণৰ (এছ আই আৰ) বাবে ভোটাৰ তালিকাৰ পৰা ৫০ লাখতকৈ অধিক লোকৰ নাম বাদ পৰিব। নির্বাচন আয়োগে অহা ১৬ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ কৰিব। বৰ্তমানৰ গণনা মতে, ৫২,৯৯,৬৬৩ ভোটাৰৰ নাম খচৰা তালিকাত নাথাকিব।
মৃত আৰু আন স্থানলৈ যোৱা ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন কাৰণত আন বহু লোক বাদ পৰিব। নির্বাচন আয়োগৰ মতে, ২৩,৪৮,০৯৫জন ভোটাৰ মৃত বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ নাম বাদ দিয়া হৈছে। আন ১৮,৫৫,৩০২জন আন স্থানলৈ যোৱাৰ বাবে তেওঁলোকৰ নাম বাদ দিয়া হৈছে। ভোটাৰ তালিকাত 'সন্ধানহীন' বুলি শ্রেণীবদ্ধ শিতানতো ভোটাৰৰ নাম বাদ পৰিব। এইসকল হৈছে যিবোৰ ভোটাৰক তালিকাভুক্তকৰণ (ইনুমেৰাশ্যন) প্ৰ-পত্ৰ দিয়া হৈছে, কিন্তু তেওঁলোকে ঘূৰাই দিয়া নাই আৰু ভোটগ্রহণ পৰ্যায়ৰ বিষয়াই (বি এল অ') তেওঁলোকক বিচাৰি পোৱা নাই। তেনে ভোটাৰৰ সংখ্যা হৈছে ৯,৪২,১৬২জন। ইয়াৰ বাহিৰেও একাধিক ঠাইত থকা এক লাখ নাম চিনাক্ত কৰা হৈছে।
আয়োগে তেনে ১,২২,৩০৩ ভোটাৰৰ নাম চিনাক্ত কৰিছে। তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ দিয়া হ'ব। ইয়াৰ বাহিৰেও 'অন্যান্য' শীর্ষক এটা শ্রেণীত ৩১,৮০১ ভোটাৰক তালিকাৰ পৰা বাদ দিয়া হৈছে। আয়োগৰ বিষয়াসকলৰ মতে, এইসকল হৈছে যি হয়তো এছ আই আৰক গুৰুত্বসহকাৰে লোৱা নাই অথবা তেওঁলোকৰ প্ৰ-পত্র দাখিল কৰা নাই। উল্লেখযোগ্য যে পশ্চিম বংগত ৩৪ নৱেম্বৰত এছ আই আৰ আৰম্ভ হৈছিল। ৰাজ্যখনত নির্বাচন আয়োগৰ প'র্টে লত তালিকাভুক্তকৰণ প্র-পত্র আপল'ড কৰাৰ শেষ দিন হৈছে ১১ ডিচেম্বৰ।