ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাত সুহেলদেৰ স্বাভিমান পার্টিয়ে (এছ এছ পি) আয়োজন কৰা এখন ৰাজহুৱা সভাত এটা আজব ঘটনা সংঘটিত হয়।
ৰাজনৈতিক দলটোৰ এজন কৰ্মীয়ে সভাখনত ৰাষ্ট্ৰীয় সভাপতি মহেন্দ্ৰ ৰাজভৰক প্ৰথমে ফুলৰ মালা পৰিধান কৰোৱাই সন্মান প্ৰদৰ্শন কৰি পাছত সভাপতিজনক উপর্যুপৰি চৰ শোধায়। সভাপতিজনক দলীয় কর্মীয়ে এইদৰে নিগ্রহ কৰা ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হয়। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই ঘটনাক তীব্ৰ গৰিহণা দি কয় যে বিজেপিৰ উচটনিটেই এই ঘটনা সংঘটিত হ'ল। যাদৱে কয় যে পিছপৰা, দলিত আৰু সংখ্যালঘুসকলৰ ওপৰত পুনৰ নিৰ্যাতন চলোৱা হ'ল উত্তৰ প্ৰদেশত।
উল্লেখযোগ্য যে মহাৰাজা সুহেল দেৱৰ বিজয় দিৱসৰ উপলক্ষত জৌনপুৰৰ জালালপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন ঠাইত আয়োজিত অনুষ্ঠানটোত এই ঘটনাটো সংঘটিত হয়।