মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ

Rashmi April 20, 2026

ডিজিটেল ডেস্ক : বিহুৰ বতৰতে মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন। প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মায়ঙৰ কমাৰপুৰৰ এটা পৰিয়াললৈ নামি আহিল কাল অমানিশা।

গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি এজন যুৱকৰ। নিহত যুৱকজনৰ নাম প্ৰাঞ্জল ডেকা ( ৩২ )।

জানিব পৰা মতে পুৱা ৯ বজাত প্ৰাঞ্জলে ঘৰৰ পৰা পথাৰত গৰু এৰাল দিবলৈ গৈছিল। 

এৰাল দিব যোৱাৰ পিছত দুপৰীয়ালৈ যুৱকজন ঘৰলৈ ওভতি আহি নোপোৱাত পৰিয়ালৰ লোকে বিচাৰ-খোঁচাৰ কৰে। 

সন্দেহবশতঃ পুখুৰীত বিচাৰে পৰিয়ালে। বিচাৰি থকাৰ মাজতেই গাঁৱৰ মানুহে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে পুখুৰীত।

ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে প্ৰাঞ্জল ডেকা মৃগী বেমাৰত আক্ৰান্ত আছিল।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This