ক্ৰমাৎ সুস্থিৰ মৃদুমুদ্ৰাৰ স্বাস্থ্য, ৭ বিশেষজ্ঞ চিকিৎসকে চলাই আছে চিকিৎসা

dainik janambhumi June 05, 2026

ডিজিটেল ডেস্ক : নলবাৰী-কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্রা ডেকাৰ স্বাস্থ্য ক্ৰমাৎ সুস্থিৰ হৈ আহিছে। জি এম চি এইচৰ আই চি ইউত চিকিৎসাধীন কিশোৰীগৰাকীৰ স্বাস্থ্য সম্পৰ্কত এই গুৰুত্বপূৰ্ণ তথ্য প্রকাশ কৰিছে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে। 

কালি তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কিশোৰীগৰাকীৰ স্বাস্থ্যৰ উন্নতিৰ কথা সদৰী কৰি কয় যে অস্ত্রোপচাৰৰ পাছত কিশোৰীগৰাকীৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। গুৰুতৰভাৱে আঘাত পোৱা স্থান অস্ত্রোপচাৰৰ পাছত ক্ষিপ্ৰতাৰে সুস্থ হ'বলৈ আৰম্ভ কৰিছে। হিমগ্ল'বিনৰ পৰিমাণো সুস্থিৰ হৈ অহা বুলি তেওঁ প্রকাশ কৰে। 

জি এম চি এইচৰ বিভিন্ন বিভাগৰ সাতজন বিশেষজ্ঞ চিকিৎসকে কিশোৰী মৃদুমুদ্রাক চিকিৎসা প্রদান কৰি থকাৰ কথা সদৰী কৰি চিকিৎসাৰ সুবিধাৰ বাবে তেওঁক এতিয়াও আই চি ইউতে ৰখা হৈছে বুলি তেওঁ প্রকাশ কৰে। চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাবে এতিয়াও অতি কমেও ১০ দিন সময়ৰ প্রয়োজন হ'ব বুলিও অধীক্ষক ডাঃ চৌধুৰীয়ে প্ৰকাশ কৰে।

Share This