এইবাৰ ব্যতিক্ৰম ৰূপত ৰাজ্যত পালন হ’ব স্বাধীনতা দিৱস

Jyoti Borah August 07, 2023

ডিজিটেল ডেস্ক :দেশৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি এইবাৰ পূৰ্বৰ তুলনাত কিছু পৃথকভাৱে বা আন ধৰণে স্বাধীনতা দিৱস উদ্‌যাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে৷ জনতা ভৱনত আজি সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে এইবাৰ কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ এই কাৰ্যসূচীসমূহৰ ভিতৰত জ্জ্ব আগষ্টত ৰাজ্যখনৰ প্ৰতিখন পঞ্চায়ত এলেকাত একোখনকৈ ফলক স্থাপন কৰা হ’ব৷ দেশৰ হকে প্ৰাণ বিসৰ্জন দিয়া বীৰ সেনানী বা স্বাধীনতা সংগ্ৰামীৰ নামত ফলক স্থাপন কৰা হ’ব৷ সেনা বাহিনী, অৰ্ধসামৰিক বাহিনী, সীমা সুৰক্ষা বাহিনী বা অসম আৰক্ষীৰ লোক যদি কৰ্তব্যৰত অৱস্থাত মৃত্যু হ’ব লগা হৈছে, তেন্তে সেই নিৰ্দিষ্ট গাঁওখনৰ পঞ্চায়ত এলেকাতসেই বীৰ জোৱানৰ নামেৰে ফলক স্থাপন কৰা হ’ব৷ যদি কোনো গাঁৱত দেশৰ হকে প্ৰাণ দিয়া বীৰ জোৱান নাথাকে বা কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা জোৱান নাথাকে, তেন্তে সেই গাঁৱত স্থাপন কৰিবলগা ফলক স্বাধীনতা সংগ্ৰামীৰ নামত স্থাপন কৰা হ’ব৷ এই ফলকসমূহ পঞ্চায়ত বা নিৰ্মাণ কৰা অমৃত সৰোবৰৰ স্থানত স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ জ্জ্ব আগষ্টত এই ফলকসমূহ স্থাপন কৰাৰ পাছত সেই স্থানত গাঁওখনৰ জনতাই একত্ৰিত হৈ এক সংকল্প গ্ৰহণ কৰিব আৰু সেই সংকল্প গ্ৰহণৰ ফটো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট প’ৰ্টেলত আপল’ড কৰা হ’ব৷ এই প্ৰথম কাৰ্যসূচীটোৰ পাছত জ্ঝ আগষ্টৰ পৰা ১৪ আগষ্টলৈ প্ৰতিখন গাঁও আৰু প্ৰতিখন পৌৰসভা এলেকাত ৭৫ জোপাকৈ গছপুলি ৰোপণ কৰা হ’ব৷ ১৪ আগষ্টত আকৌ সমগ্ৰ ৰাজ্যত পালন কৰা হ’ব বিভাজন বিভীষিকা দিৱস৷ ভাৰত-পাকিস্তান বিভাজনৰ দুঃখজনক কথাবোৰ স্মৰণ কৰাৰ লগতে ভৱিষ্যতলৈ দেশ যাতে পুনৰ বিভাজন নহয় তাৰ বাবে এই দিৱসৰ সৈতে সংগতি ৰাখি জিলা সদৰসমূহত সংকল্প গ্ৰহণ কৰা হ’ব৷ ১৪ আগষ্টৰ এই কাৰ্যসূচীৰ পূৰ্বে ১৩ আগষ্টত গুৱাহাটীৰ দীঘলীপুখুৰীৰ চাৰিওকাষে উলিওৱা হ’ব অসম আৰক্ষীৰ মাৰ্ছপাষ্ট৷ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ এইকেইটা কাৰ্যসূচী ৰূপায়ণৰ কৰাৰ অন্তত ১৫ আগষ্টত হৰ ঘৰ ত্ৰিৰংগ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ ইফালে অসমৰ পৰা দিল্লীলৈ ‘মাটি যাত্ৰা’ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱাৰ কথাও আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷  মুখ্যমন্ত্ৰীয়ে কয় যে ২৩ আগষ্টৰ পৰা এই মাটি যাত্ৰা কাৰ্যসূচী আৰম্ভ হ’ব৷ ২৩ আগষ্টত প্ৰতিখন গাঁৱৰ লোকে নিজ নিজ এলেকাৰ পৰা মাটি সংগ্ৰহ কৰি স্থানীয় পঞ্চায়তলৈ লৈ যাব৷ প্ৰভাত ফেৰী বা গায়ন-বায়নৰ জৰিয়তে গাঁওসমূহৰ পৰা মাটি পঞ্চায়তলৈ অনাৰ পাছত তাত সেই মাটি সংমিশ্ৰণ কৰা হ’ব আৰু ২৪ আগষ্টত পুৱা পঞ্চায়তসমূহৰ পৰা সংমিশ্ৰিত মাটি ব্লকসমূহলৈ লৈ যোৱা হ’ব৷ ব্লকসমূহলৈ বিভিন্ন পঞ্চায়তৰ পৰা নিয়া মাটি তাত আকৌ সংমিশ্ৰণ কৰি দুটা কলহত ভৰোৱা হ’ব৷ কলহত ভৰোৱা মাটি ২৫ আগষ্টত ৰাজ্যখনত থকা ২১৯টা ব্লকৰ পৰা দুজনকৈ যুৱকে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ আনিব৷ এন চি চি বা এন এছ এছৰ কেডেটৰ জৰিয়তে ব্লকৰ পৰা সেই ভূমি কলাক্ষেত্ৰলৈ অনা হ’ব৷ যদি কোনো ব্লক এলেকাত এন চি চি বা এন এছ এছৰ কেডেটৰ অভাৱ হয়, তেন্তে গীনিজ বুক অব্‌  ৱল্ড ৰেকৰ্ড গঢ়া বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিহুৱাই  প্ৰতিটো ব্লকৰ পৰা মাটিৰ কলহ দুটা গুৱাহাটীলৈ আনিব৷ ব্লকসমূহৰ পৰা দুটাকৈ কলহত অনা ভূমি চ্ছ আগষ্টত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পূজা কৰা হ’ব৷ পূজা কৰাৰ অন্তত এটা কলহ অসম চৰকাৰে নিজৰ লগত ৰাখিব আৰু আনটো কলহ সেইদিনাই দিল্লীলৈ লৈ যোৱা হ’ব৷ যি দুজন যুৱকৈ ব্লকৰ পৰা কলহ কঢ়িয়াই আনিছিল, সেই যুৱকেই কলহ লৈ দিল্লীত উপস্থিত হ’ব৷ কলহ লৈ যোৱা যুৱকসকল ২৭ আগষ্টৰ পৰা ৩০ আগষ্টলৈ দিল্লীতেই থাকিব আৰু তাত আন ৰাজ্যৰ পৰা অনা মাটিৰ সৈতে অন্তিম মাটি যাত্ৰা আৰম্ভ হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৩০ আগষ্টত কৰ্তব্য পথত এই মাটি কাৰ্যসূচী আৰম্ভ হ’ব আৰু সেই মাটিৰে তাত এখন উদ্যান স্থাপন কৰা হ’ব৷ ইফালে প্ৰতিটো ব্লকৰ পৰা অনাৰ পাছত অসম চৰকাৰে এটাকৈ ৰাখি থোৱা কলহসমূহৰ মাটি গহপুৰত স্থাপন হ’বলগা কনকলতা বৰুৱা বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে৷

Share This