ডিজিটেল ডেস্ক: আমেৰিকাক টি-২০ বিশ্ব কাপৰ বার্ম-আপ মেচত কালি ৩৮ ৰানত হৰুৱালে ভাৰত 'এ' দলে। পোনতে বেট ধৰি ভাৰত 'এ' দলে নাৰায়ণ জগীছানৰ ১০৪ ৰানৰ সহায়ত ৩ উইকেটত ২৩৮ ৰান কৰে। আঘাতমুক্ত হৈ উঠা তিলক বাৰ্মাই ৩৮, আয়ুষ বাডনীয়ে অপৰাজিত ৬০, প্রিয়াংশ আর্যই ২৮ আৰু অসম সন্তান ৰিয়ান পৰাগে ২টা বলত দুই ৰান কৰি বেট ধৰি থাকে। প্ৰত্যুত্তৰত আমেৰিকাই ১৯.৪ অভাৰত ২০০ ৰানত অল আউট হয়। দলৰ হৈ আন্দ্ৰিছ গাউছে সর্বাধিক ৪৪ আৰু সঞ্জয় কৃষ্ণমূৰ্তিয়ে ৪১ ৰানৰ অৱদান যোগায়।
ইফালে অসম সন্তান ৰিয়ান পৰাগ টি-২০ বিশ্ব কাপৰ ৱাৰ্ম আপৰ মেচলৈ ঘোষিত ভাৰত 'এ' দলত স্থান লাভ কৰিছে। লগতে আক্রমণাত্মক বেটাৰ তিলক বার্মা আৰু দীর্ঘ আঘাত বিৰতিত উভতি আহিছে পেচাৰ মায়ংক যাদৱ। আয়ুস বাডনীয়ে নেতৃত্ব দিবলগীয়া ১৫জনীয়া দলত স্থান পাইছে নমন ধীৰ আৰু বিপৰাজ নিগমে। উৰুসন্ধিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা তিলক বার্মাক বি চি চি আইৰ চেণ্টাৰ অব্ এক্সেলেন্সে ফিট বুলি ঘোষণা কৰে। সেই অনুসৰি তিলকে এতিয়া দুখন ৱাৰ্ম আপৰ মেচৰ এখনত খেলাৰ পাছতে ভাৰতীয় দলত যোগ দিব।
নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত টি-২০ শৃংখলাৰ পৰা আঁতৰি থকা বাওঁহতীয়া বেটাৰ তিলকে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাব। উক্ত শৃংখলাত তিলকৰ স্থান পূৰ কৰিছিল শ্রেয়াষ আয়াৰে। ভাৰত 'এ' দলে নবী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত সোমবাৰে আমেৰিকাৰ বিৰুদ্ধে খেলাৰ পাছত বেংগালুৰুৰ চেণ্টাৰ অব্ এক্সেলেন্সত শুকুৰবাৰে নামিবিয়াৰ বিৰুদ্ধে মুখামুখি হ'ব।
ইফালে, ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ৭ফেব্ৰুৱাৰীত টি-২০ বিশ্ব কাপৰ আৰম্ভণিৰ দিনাই আমেৰিকাৰ বিৰুদ্ধে খেলেৰে অভিযান আৰম্ভ কৰিব। ঘোষিত ভাৰত 'এ' দলটো: আয়ুষ বাডনী (অধিনায়ক), নমন ধীৰ, আশুতোষ শৰ্মা, প্রিয়াংশ আর্য, এন জগডিছান (উইকেটকীপাৰ), তিলক বার্মা, ৰিয়ান পৰাগ, মানৱ ছাথাৰ, অশোক শর্মা, উর্ভিল পেটেল (উইকেটকীপাৰ), গুৰজাপনীত সিং, বিপৰাজ নিগম, ৰবি বিষ্ণই, খলিল আহমেদ আৰু মায়ংক যাদৱ।