ডিজিটেল ডেস্ক: বাংলাদেশ 'এ' দলক কালি ৪৬ ৰানত হৰুৱাই ভাৰত 'এ' দলে মহিলাৰ এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছৰ খিতাপ অক্ষুণ্ণ ৰাখে।
ভাৰত 'এ' দলে প্রথমে বেট ধৰি তেজল হাছানবিছৰ অপৰাজিত ৫১ ৰানেৰে ৭ উইকেটত ১৩৪ ৰান কৰে। এটা সময়ত ৪৪ ৰানত ৪ টা উইকেট হেৰুৱাই ভাৰতীয় মহিলা দল বিপদত পৰিছিল। পিছে এদিনীয়াত ভাৰতীয় দলৰ হৈ খেলা হাছানবিছ আৰু অধিনায়ক ৰাধা যাদৱে (৩০ টা বলত ৩৬) পঞ্চম উইকেটত ৮৯ ৰানৰ যুটি বান্ধি দলীয় স্ক'ৰ ১৩৪ ৰানলৈ তুলি নিয়াত আগভাগ লয়। পৰৱৰ্তী সময়ত ৰাধা নেতৃত্বাধীন ভাৰতীয় বলিং বিভাগে বাংলাদেশৰ মহিলা দলক ১৯.১ অ'ভাৰত ৮৮ ৰানত সীমিত ৰাখে।
ভাৰতীয় মহিলা দলে তেনেদৰেই ৪৬ ৰানত জয়েৰে চেম্পিয়নৰ সন্মান অর্জন কৰে। ভাৰতৰ হৈ প্ৰেমা ৰাৱাটে ১২ ৰানত সৰ্বাধিক তিনিটা, ছোনিয়া মান্ধিয়া আৰু তনুজা কানৱাৰে দুটাকৈ উইকেট দখল কৰে।