ডিজিটেল ডেস্ক: ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আৰু এদিনীয়া শৃংখলাত খেলিবলগীয়া ভাৰত-এ মহিলা দল দুটা কালি ঘোষণা কৰা হয়। দুয়োটা দলতে অসমৰ উমা চেত্ৰী আৰু জিন্টিমণি কলিতাই স্থান লাভ কৰে।
মিডিয়াম পেচাৰ জিন্টিমণি কলিতাক প্ৰথমবাৰৰ বাবে ভাৰত-এ দলত স্থান দিয়া হৈছে। ভাৰত-এ দলে ইংলেণ্ডত তিনিখনীয়া টি-২০ আৰু তিনিখনীয়া এদিনীয়া শৃংখলাত অংশগ্রহণ কৰিব।
টি-২০ শৃংখলাত ভাৰত-এ দলৰ অধিনায়িকা হ'ব অনুষ্কা শর্মা। দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে শেহতীয়া শৃংখলাত তেওঁ ভাৰতীয় দলত স্থান লাভ কৰিছিল। ইফালে এদিনীয়া দলটোৰ অধিনায়িকা হ'ব হৰলিন দেউল।
ভাৰত-এ মহিলা দলটোৱে ২০, ২৩ আৰু ২৫ জুনত ইংলেণ্ডত তিনিখন টি-২০ মেচ খেলিব। উমা আৰু জিন্টিমণিয়ে ভাৰত-এ মহিলা দল দুটাত স্থান লাভ কৰাৰ বাবে অসম ক্রিকেট সন্থাই দুয়োকো অভিনন্দন জনাইছে।