মালদ্বীপক পুনৰ ভাৰতে দিলে ৫০ মিলিয়ন ডলাৰৰ ঋণ

dainik janambhumi May 13, 2025

ডিজিটেল ডেস্ক : ৫০ মিলিয়ন ডলাৰৰ কোষাগাৰ বিপত্ৰৰ (ট্রেজাৰী বিল) পুনৰাৱৰ্তিত ঋণেৰে ভাৰত চৰকাৰে প্ৰতিৱেশী মালদ্বীপলৈ সহায়ৰ হাত আগবঢ়াইছে। মালদ্বীপত থকা ভাৰতৰ উচ্চ আয়োগে এটা বিজ্ঞপ্তিৰে এই কথা জনায়। মালদ্বীপৰ বিদেশ মন্ত্রী আব্দুল্লা খালীলে ইয়াৰ বাবে ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে আৰু কয় যে যথাসময়ত আগবঢ়োৱা এই সাহায্যই দুয়োখন দেশৰ মাজৰ 'বন্ধুত্বৰ অন্তৰংগ বান্ধোন'ৰ কথা প্রকাশ কৰিছে। 

ভাৰতীয় উচ্চ আয়োগে প্রকাশ কৰা বিজ্ঞপ্তি মতে, মালদ্বীপ চৰকাৰৰ অনুৰোধৰ পাছত ভাৰতীয় ষ্টেট বেংকে মালদ্বীপৰ বিত্ত মন্ত্ৰ্যালয়ে জাৰি কৰা ৫০ মিলিয়ন ডলাৰৰ কোষাগাৰ বিপত্র ভিত্তিক ঋণৰ পুনৰ অনুমোদন জনাইছে। উল্লেখযোগ্য যে ২০১৯ চনৰ পৰাই ভাৰতে তেনে বহু কোষাগাৰ বাৰ বিপত্র বা ট্রেজাৰী বিলৰ ভিত্তিত সুতবিহীনভাৱে বার্ষিকভাৱে মালদ্বীপৰ চৰকাৰলৈ ঋণ আগবঢ়াই আছে।

Share This