ডিজিটেল ডেস্ক : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থ টি-২০ আজি অনুষ্ঠিত হ'ব। পাঁচখনীয়া শৃংখলাত অগ্রগতি লোৱাৰ লক্ষ্যৰে নামিব খোজে সূর্যকুমাৰ যাদৱ বাহিনীয়ে। ইতিমধ্যে ৩খন খেলৰ অন্তত শৃংখলা ১-১ ব্যৱধানত ড্র হৈ আছে। জুছ হেজলউডৰ অনুপস্থিতিত তৃতীয় টি-২০ত ভাৰতৰ জয় ৰুধিব নোৱাৰিলে অষ্ট্ৰেলিয়াই। তেওঁৰ লগতে চতুর্থ খেলখনত অষ্ট্ৰেলিয়া দলত নাথাকিব ট্রেভিছ হেড।
আসন্ন এছেছ শৃংখলালৈ প্রস্তুতি চলোৱাৰ বাবে অ'পেনাৰ ট্রেভিছে ছেফিল্ড শ্বিল্ডত খেলিব। কেংগাৰু বাহিনীৰ দুই আগশাৰীৰ খেলুৱৈৰ অনুপস্থিতিৰ সুযোগ ল'ব পাৰে ভাৰতে। গাব্বাত অন্তিম খেলখনৰ আগেয়ে চতুর্থ খেলখনত জয়েৰে ২-১ ব্যৱধানত শৃংখলাত অগ্রগতি লোৱাৰ সুবর্ণ সুযোগ পাইছে অতিথি ভাৰতীয় দলে। ইয়াৰ মাজতে গীলৰ ফৰ্মলৈ চিন্তিত দলীয় মেনেজমেন্ট।
গীলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাত এইপর্যন্ত ক্রমে ১০, ৯, ২৪ (অপঃ), ৩৭, ৫ আৰু ২৫ ৰান কৰিছে। এই ছটা ইনিংছত গীলৰ নামত নাই এটা অর্ধ শতকীয় ইনিংছ। ইফালে, অভিষেক শৰ্মাৰ উপৰি, অধিনায়ক সূর্যকুমাৰৰ পৰা দলে বৃহৎ স্ক'ৰৰ আশা কৰিছে। আনহাতে, কুলদীপ যাদৱে স্বদেশলৈ উভতিলেও অর্শদীপ সিঙৰ উপস্থিতিয়ে দলৰ বলিং বিভাগৰ ভাৰসাম্য ৰাখিবলৈ সক্ষম হৈছে। অর্শদীপ নামিলে ৱাশ্বিংটন সুন্দৰকো অন্তৰ্ভূক্ত কৰা উচিত হ'ব। কিয়নো ৱাশ্বিংটনে তৃতীয় খেলখনত ২৩টা বলত ৪৯ ৰান কৰিছিল।