ডিজিটেল ডেস্ক: শ্বেফালী বাৰ্মাৰ অপৰাজিত ৬৯ ৰানৰ সহায়ত শ্রীলংকাৰ বিৰুদ্ধে দ্বিতীয় মহিলা টি-২০ আন্তর্জাতিক ক্রিকেটত জয়েৰে ৫খনীয়া শৃংখলাত ২-০ ব্যৱধানত অগ্রগতি লাভ কৰিছে ভাৰতে।
ভাৰতে কালি অলৰাউণ্ড প্রদর্শন দাঙি ধৰি অতিথি শ্রীলংকাক সহজেই ৭ উইকেটত পৰাজিত কৰে। শ্রীলংকাৰ ৯ উইকেটত ১২৮ ৰানৰ প্রত্যুত্তৰত ভাৰতীয় দলে শ্বেফালীৰ ৩৪টা বলত অবিজিত অর্ধশতৰানৰ জৰিয়তে ১১.৫ অভাৰত তিনিটা উইকেট হেৰুৱাই ১২৯ ৰান কৰি শৃংখলাত অগ্রগতি লাভ কৰে। শ্বেফালীৰ লগতে জেমিমা ৰড্রিগুয়েজে ২৬ ৰানৰ উপযোগী ইনিংছ খেলে। ইয়াৰ আগেয়ে নিয়ন্ত্রিত বলিঙৰ সহায়ত শ্রীলংকাৰ ইনিংছ ৯ উইকেটত ১২৮ ৰানত সীমিত ৰাখিছিল ভাৰতে। স্নেহ ৰাণাক (১-১১) যোগ্য সহযোগিতা আগবঢ়োৱা বৈষ্ণৱী শর্মা (২-৩২) আৰু শ্রী চাৰানীৰ (২-২৩) আকর্ষণীয় বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি শ্রীলংকাই মাথোঁ ২৪ ৰানত অৱশিষ্ট ছটা উইকেট হেৰুৱাইছিল। জ্বৰত আক্রান্ত দীপ্তি শৰ্মাৰ স্থানত সুযোগ পোৱা অফ স্পীনাৰ ৰাণাই ৪ অ'ভাৰত ১১ ৰান ব্যয়েৰে এটা উইকেট দখল কৰি শ্রীলংকাৰ বেটাৰক বান্ধি ৰাখিবলৈ সক্ষম হৈছিল।
ইফালে, ভাৰতৰ বিশ্ব কাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চাৰানীয়ে ২৩ ৰানত দুটা উইকেট দখল কৰাৰ বিপৰীতে বৈষ্ণৱীয়ে পায় ৩২ ৰানত দুটা উইকেট। শ্রীলংকাৰ ইনিংছত হৰ্ষিতা ছামাৰাৱিক্ৰামাই সৰ্বাধিক ৩৩, চামাৰী আটাপাট্টুৱে ৩১ আৰু হাছিনি পেৰেৰাই ২২ ৰানৰ অৱদান যোগায়।