চতুর্থ টি-২০তো জয়ী ভাৰত

dainik janambhumi December 29, 2025

ডিজিটেল ডেস্ক : শ্রীলংকাৰ বিৰুদ্ধে মহিলাব চতুর্থ টি-২০ ক্রিকেটতো জয়ী হৈছে ভাৰত। স্মৃতি মান্ধানা (৮০) আৰু শ্বেফালী বার্মাৰ (৭৯) মাজত প্রথম উইকেটত সংগৃহীত অভিলেখ সৃষ্টিকাৰী ১৬২ ৰানৰ সহায়ত অতিথি শ্রীলংকাৰ বিৰুদ্ধে আজিৰ খেলখনত ভাৰতে ৩০ ৰানত জয়লাভ কৰে। ভাবতে প্রথমে বেট ধৰি মান্ধানা আৰু শ্বেফালীৰ ষ্ট্ৰোকসমৃদ্ধ পৰৱর্তী সময়ত শ্রীলংকাক ৬ উইকেটত ১৯১ ৰানত সীমিত ৰাখে ভাৰতে। 

শ্রীলংকাৰ হৈ অধিনায়িকাৰ অর্ধশতকৰ সহায়ত ২ উইকেটত ২২১ ৰান কৰে। চামাৰী আটাপাটুৱে সর্বাধিক ৫২, হাছিনি পেৰেৰাই ৩৩, ইমেছা ভুলানীয়ে ২৯ আৰু নীলাক্ষি ছিলভাই অপৰাজিত ২৩ ৰানৰ অৱদান যোগায়। ভাৰতৰ অৰুন্ধতী ৰেড্ডী আৰু বৈষ্ণৱী শর্মাই দুটাকৈ উইকেট দখল কৰে। ইয়াৰ আগেয়ে মান্ধানা (৮০) আৰু শ্বেফালীৰ (৭৯) বেটিং বিক্ৰমৰ সহায়ত ভাৰতে প্রথমে বেট ধৰি দুই উইকেটত সংগ্ৰহ কৰে ২২১ ৰান। উভয়ৰ মাজত অ'পেনিঙৰ যুটিত সংগৃহীত অভিলেখসংখ্যক ১৬২ ৰানৰ জৰিয়তে ভাবতে বৃহৎ স্ক'ৰ থিয় কৰিবলৈ সক্ষম হয়। 

মান্ধানা আৰু শ্বেফালীয়ে অ'পেনিঙৰ যুটিত নতুন অভিলেখ গড়ে। ইয়াৰ লগতে মহিলাৰ টি-২০ ক্রিকেটত যিকোনো উইকেটত ভাৰতৰ এয়া সর্বাধিক স্ক'ৰ। চলিত শৃংখলাত লেথাৰিকৈ তৃতীয়টো অর্ধ-শতৰানৰ ইনিংছ খেলা শ্বেফালীয়ে ৪৬টা বলত ১২টা চাৰি আৰু ১টা ছয়েৰে নিজৰ ৭৯ ৰানৰ ইনিংছটো সজায়। মান্ধানাই আনহাতে ৪৮টা বল খেলি ১১টা চাৰি আৰু তিনিটা ছয়েৰে ৮০ ৰানৰ অৱদান যোগায়। ইয়াৰ বিপৰীতে ৰিশা ঘোষে ৪০ আৰু হৰমনপ্রীত কৌৰে ১৬ ৰানত বেট ধৰি থাকে।

Share This