মোদী-লুলাৰ আলোচনা, কেইবাখনো চুক্তিত স্বাক্ষৰ ভাৰত-ব্রাজিলৰ

dainik janambhumi February 22, 2026

ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ লুলা ডা ছিলভাই শনিবাৰে পাঁচ বছৰৰ ভিতৰত দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ডলাৰ কৰাৰ লক্ষ্য স্থিৰ কৰে। দুয়োজন নেতাৰ উপস্থিতিত বিৰল আৰু গুৰুত্বপূৰ্ণ খনিজ পদার্থ, ডিজিটেল অংশীদাৰিত্ব আৰু খননত সহযোগিতাকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশে ৰণকৌশলগত আৰু অর্থনৈতিক সম্পৰ্কও গভীৰ কৰিবলৈ ইচ্ছা প্রকাশ কৰে। 

প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পাছত নতুন দিল্লীত এখন যুটীয়া সংবাদমেলত প্রধানমন্ত্রী মোদীয়ে আলোচনাৰ বিষয়ে বিস্তৃতভাৱে প্রকাশ কৰে। তেওঁ কয় যে দুয়োখন দেশে বিভিন্ন ক্ষেত্রত সহযোগিতা বৃদ্ধি তথা ভাৰত-ব্রাজিল ৰণকৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্ব দিছে। প্রধানমন্ত্রী মোদীয়ে কয়, 'মই ৰাষ্ট্ৰপতি লুলা আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতত আদৰণি জনাবলৈ পাই আনন্দিত হৈছোঁ। লুলাৰ দৰ্শন আৰু অনুপ্ৰেৰণাদায়ক নেতৃত্বই ভাৰত-ব্রাজিল সম্পর্কক উপকৃত কৰি আহিছে।' প্রধানমন্ত্রীয়ে আৰু কয়, 'অহা পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ডলাৰতকৈ বেছি কৰিবলৈ আমি প্রতিশ্রুতিবদ্ধ। আমাৰ বাণিজ্য মাথোঁ এটা সংখ্যা নহয়, এইটো হৈছে বিশ্বাসৰ প্রতিফলন।' তেওঁ আৰু কয় যে ভাৰত-মেৰকছুৰ বাণিজ্য চুক্তিয়ে অর্থনৈতিক সহযোগিতা বৃদ্ধি কৰিব। তেওঁ উল্লেখ কৰে যে ব্রাজিল হৈছে দক্ষিণ আমেৰিকাত ভাৰতৰ বৃহত্তম বাণিজ্য সহযোগী। 

শনিবাৰে দুয়ো দেশৰ মাজত ডিজিটেল সহযোগিতা, বিৰল গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ আৰু খননৰ যোগান শৃংখলা বিষয়ক তিনিখন চুক্তিৰ স্বাক্ষৰিত আৰু বিনিময় হয়। বাতৰি মতে ব্রাজিলৰ সৈতে কৰা শনিবাৰৰ চুক্তিয়ে গুৰুত্বপূৰ্ণ আৰু বিৰল খনিজ পদার্থত চীনৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্রাস কৰিব। ইফালে ফার্মাচিউটিকেল আৰু মেডিকেল সামগ্রী নিয়ন্ত্ৰণৰ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিবলৈও দুয়োখন দেশে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। 

কালি দিনটোৰ আগভাগত লুলাক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু প্রধানমন্ত্রী মোদীয়ে তেওঁক আদৰণি জনায়। তাৰ পাছতে হায়দৰাবাদ হাউছত প্রধানমন্ত্রী মোদীৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। লুলাই মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটত শ্রদ্ধাঞ্জলিও আগবঢ়ায়। 

উল্লেখযোগ্য যে ইয়াৰ আগতে ২০২৫ চনৰ জুলাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্রাজিল ভ্রমণ কৰিছিল। সেয়া আছিল পাঁচটা দশকতকৈ অধিক কালৰ ভিতৰত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে কৰা প্রথম ব্রাজিল ভ্রমণ।

Share This