ভাৰত আৰু পাকিস্তানে একেলগে ডিনাৰ কৰি সম্পৰ্কটো ভাল কৰক : ড’নাল্ড ট্ৰাম্প

Kakali Deka May 14, 2025

ডিজিটেল ডেস্কঃ  বৰ্তমান ছৌদি আৰবত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ইয়াত এটা অনুষ্ঠানত ভাষণ দিওঁতে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ-বিৰতি অনাৰ বাবে নিজকে শান্তিপ্ৰেমী হিচাপে উপস্থাপন কৰিছিল। ইয়াৰ মাজতে ট্ৰাম্পে পুনৰবাৰ ভাৰত আৰু পাকিস্তান সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে।

আমেৰিকা-ছৌদি বিনিয়োগ মঞ্চত ভাষণ দি ট্ৰাম্পে কয় যে তেওঁৰ চৰকাৰে সম্ভাব্য পাৰমাণৱিক যুদ্ধ ৰোধ কৰিবলৈ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ-বিৰতি অনাত সহায় কৰিছিল, যাৰ ফলত লাখ লাখ লোকৰ জীৱন ৰক্ষা পৰিল।

উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ নেতৃত্বত চলি থকা শান্তি আলোচনাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক কিছু কোমল হোৱা বুলি ট্ৰাম্পে কয়। ভাৰত আৰু পাকিস্তানক একেলগে ৰাতিৰ আহাৰ (ডিনাৰ) গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ড’নাল্ড ট্ৰাম্পে, যাতে দুয়োখন দেশৰ সম্পৰ্ক ভাললৈ আহে।  তেওঁৰ চৰকাৰে দুয়োখন দেশৰ মাজত যুদ্ধ-বিৰতিৰ বাবে বাণিজ্যৰ সহায় লৈছে বুলি তেওঁ দাবী কৰে।

ছৌদি আৰবত কি ক’লে ট্ৰাম্পে ?

আমেৰিকা-ছৌদি বিনিয়োগ মঞ্চত সম্বোধন কৰি ট্ৰাম্পে কয় যে "কিছুদিন পূৰ্বে মোৰ চৰকাৰে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত ৰোধ কৰিবলৈ যুদ্ধ-বিৰতি আনিছিল। মোৰ প্ৰশাসনে ভাৰত আৰু পাকিস্তানৰ মাজত ঐতিহাসিক যুদ্ধ-বিৰতি সাধন কৰিছিল। আমি ইয়াত বাণিজ্যিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলোঁ। মই কৈছিলোঁ বন্ধুসকল, আহক কিবা এটা ব্যৱসায় কৰোঁ। পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নহয়, আপোনালোকে সুন্দৰকৈ বনোৱা বস্তুবোৰৰ ব্যৱসায় কৰোঁ।" তেওঁ আৰু লগতে কয়, "দুয়োখন দেশতে অতি শক্তিশালী আৰু জ্ঞানী নেতা আছে। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী শক্তিশালী, দুয়োখন দেশতে ভাল আৰু স্মাৰ্ট নেতা আছে, তেওঁলোকে মান্তি হৈ যুদ্ধ বন্ধ কৰি দিলে।। আশা কৰোঁ ই এনেকৈয়ে থাকিব। "

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে মই ভাবোঁ এতিয়া তেওঁলোকৰ মাজত সঁচাকৈয়ে মিল আছে। হয়তো আমি তেওঁলোকক আৰু অলপ ওচৰলৈ আনিব পাৰিম। ভাৰত আৰু পাকিস্তানে একেলগে ডিনাৰ কৰক।  আমি এটা ডাঙৰ কাম কৰিছোঁ, লাখ লাখ মানুহৰ মৃত্যু হ’ব পৰা পৰিস্থিতি ৰোধ কৰিছোঁ।

উল্লেখ্য যে ১০ মে’ত ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছিল যে ভাৰত আৰু পাকিস্তানে যুদ্ধ-বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

ইফালে ভাৰত চৰকাৰে পুনৰবাৰ ট্ৰাম্পৰ এই বক্তব্য সম্পূৰ্ণৰূপে নাকচ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ-বিৰতি সম্পূৰ্ণৰূপে দুয়োখন দেশৰ সামৰিক অভিযান সঞ্চালক প্ৰধান (ডি জি এম অ’)ৰ মাজত হোৱা পাৰস্পৰিক আলোচনাৰ ফল। ইয়াত কোনো তৃতীয় পক্ষৰ ভূমিকা নাছিল।

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This