আগষ্টত পুনৰ মুখামুখি ভাৰত-পাকিস্তান

dainik janambhumi March 19, 2026

ডিজিটেল ডেস্ক : অহা আগষ্ট মাহত পুনৰ মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান। এইবাৰ ২২ গজত নহয়, হকীত। বিশ্ব কাপ হকীত একেটা গ্রুপতে স্থান পাইছে দুই পুৰাতন প্রতিদ্বন্দ্বীয়ে। ভাৰত আৰু পাকিস্তানৰ উপৰি গ্ৰুপ 'ডি'ত আছে ইংলেণ্ড আৰু বেলছ। এই বছৰৰ শেষৰ ফালে হ'বলগীয়া হকী বিশ্ব কাপ যৌথভাৱে আয়োজন কৰিব নেদাৰলেণ্ড আৰু বেলজিয়ামে। মঙলবাৰে আমাষ্টাৰডামৰ ৱাগনাৰ ষ্টেডিয়ামত হকী বিশ্ব কাপৰ ড্ৰ অনুষ্ঠিত হয়।

১৫-৩০ আগষ্টলৈ হ'ব লগীয়া প্রতিযোগিতাখনত ভাৰতৰ মহিলা দলকো গ্রুপ 'ডি'তে স্থান দিয়া হৈছে। ভাৰতৰ পুৰুষ আৰু মহিলা দলে নিজৰ সকলো মেচ নেদাৰলেণ্ডতে খেলিব। ২০২৩ চনৰ হকী বিশ্ব কাপত ভুৱনেশ্বৰত বেলজিয়ামক হৰুৱাই জার্মানিয়ে তৃতীয়বাৰলৈ খিতাপ দখল কৰিছিল। বেলজিয়াম, ফ্রান্স আৰু মালয়েছিয়াৰ সৈতে গ্রুপ 'বি'ত আছে জার্মানি।

এক বিবৃতিত বিশ্ব হকী ফেডাৰেশ্যনে কয়, 'হকী বিশ্ব কাপৰ ড্ৰ'ত হকী কিংবদন্তি নাওমী ভান এছ, বাৰ্বাৰা নীলেন আৰু টিউন ডে নুইমাৰ উপস্থিত আছিল। লগতে উপস্থিত আছিল বিশ্ব কাপত ডাচ্ছ ৰাষ্ট্রদূত ডিজে লা ফুয়েন্ট। সমগ্র বিশ্ব সম্প্রতি যুদ্ধত বিধ্বস্ত। হকী ফেডাৰেশ্যনৰ সভাপতি টায়াব ইক্ৰামৰ মতে হকী বিশ্ব কাপে বিশ্বত শান্তি ঘূৰাই অনাত সহায় কৰিব।

Share This