ডিজিটেল ডেস্ক: উত্তৰ-পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ ১২খন ৰাজ্যৰ ভিতৰত ড্ৰাগছৰ বেহা উৎখাত কৰা আৰু নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ ক্ষেত্ৰত অসম শীর্ষস্থানত আছে। উত্তৰ-পূব আৰু পূব ভাৰতত 'নাৰ্কটিক ড্রাগ্ছ এণ্ড ছাইক'ট্রফিক ছাবটেন্সেজ এক্ট' (এন ডি পি এছ)ৰ অধীনত অসমত সৰ্বাধিক গোচৰ ৰুজু হৈছে আৰু ইয়াৰ ফলত ৰাজ্যখনত সর্বাধিক ড্রাগ্ছ জব্দ কৰাৰ লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে।
আনহাতে, হেৰ'ইন জব্দৰ ক্ষেত্ৰত মণিপুৰ শীর্ষত আছে। নিচাযুক্ত সামগ্রী নিয়ন্ত্রণ ব্যুৰ' (এন চি বি)ৰ পৰিসংখ্যাৰ পৰা লোৱা তথ্যত দেশৰ পূব প্ৰান্তত বিদেশৰ পৰা ড্ৰাগছৰ সৰবৰাহক উৎখাত কৰা আৰু জব্দ কৰাৰ বিষয়ত এই প্রতিবেদন প্রকাশ পাইছে। প্রতিবেদনৰ তথ্য মতে, অসমত যোৱা ৫ বছৰত ১২,৫০০টা এন ডি পি এছ গোচৰ পঞ্জীয়ন হৈছে আৰু ২০,৩৯৮টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ওড়িশাত ১২,৪০৫টা গোচৰ আৰু ১৭,০১৬টা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। নিচাযুক্ত সামগ্ৰী সৰবৰাহ ৰোধৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত অসম আছে। আনহাতে, যোৱা ৫ বছৰত মণিপুৰত ১,৭৫০.৩৪ কিল'গ্রাম হেৰ'ইন জব্দ কৰা হয়।
২০৪৭ চনৰ ভিতৰত দেশক ড্ৰাগছৰ আতংকৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ড্ৰাগৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতেই এই ইতিবাচক খবৰ প্ৰকাশ পাইছে। কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ এই সংকল্পৰ বিষয়ত ঘোষণা কৰিছিল। এন চি বিক শক্তিশালী কৰি স্থল আৰু সামুদ্রিক সীমান্তৰে চলাই অহা ড্রাগ্ছ সৰবৰাহকাৰী চক্ৰক উৎখাত কৰাৰ বিষয়ত অমিত শ্বাহে দৃঢ় সংকল্প লৈছিল।