ডিজিটেল ডেস্ক : অহা ২৮ মে'লৈকে দেশৰ অধিকাংশ অঞ্চলতে প্রবল গ্রীষ্ম-প্ৰৱাহ অব্যাহত থাকিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই ক্ষেত্ৰত সতর্কবাণী জাৰি কৰি কয় যে দেশৰ বিভিন্ন অঞ্চলত গৰমে তীব্ৰতৰ ৰূপ ল'ব।
আনহাতে, দেশৰ কেইবাটাও অঞ্চলত শনিবাৰে তাপমাত্রা ৪৮ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি পায়। এই ক্ষেত্ৰত দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে নাগৰিকলৈ পৰামৰ্শাৱলী জাৰি কৰিছে।
উৎকট গৰমত পৰাপক্ষত বাহিৰলৈ ওলাব নালাগে। বিশেষকৈ শিশু-বৃদ্ধসকলে এৰাব নোৱাৰা কাৰণ নহ'লে ঘৰতে থকাটো আৱশ্যক বুলি স্বাস্থ্য মন্ত্র্যালয়ে পৰামৰ্শ জাৰি কৰিছে। গুৰুতৰ ৰোগৰ আশংকাৰ পৰা বাচিবলৈ সূৰ্যৰ ৰশ্মিৰ পৰা দুপৰীয়া সময়ত আঁতৰি থাকিবলৈ শিশু-বৃদ্ধসকলক পৰামৰ্শ দিয়া হৈছে। তদুপৰি, যিমান পাৰে সিমান বতৰীয়া ফল আৰু পৰ্যাপ্ত ইলেক্ট্রলাইটসমৃদ্ধ পানীয় গ্রহণ কৰিবলৈ কোৱা হৈছে।