ডিজিটেল ডেস্ক: ইমান দিনে ভাৰতৰ অনূর্ধ্ব-১৯ আৰু এমাজিং দলত দেখা গৈছিল বৈভৱ সূর্যবংশীক। এই প্রথমবাৰ ভাৰতৰ ছিনিয়ৰ দলত সুযোগ পালে বেটিং চাঞ্চল্য বৈভৱে। আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ ভাল খেলাৰ পুৰস্কাৰ পালে প্রতিভাশালী ক্রিকেটাৰগৰাকীয়ে।
ভাৰত 'এ' দলত স্থান পালে ১৫ বছৰীয়া তৰুণ তাৰকাগৰাকীয়ে। অহা জুনত তিলক বাৰ্মাৰ নেতৃত্বত শ্রীলংকাত ত্রিদলীয় এদিনীয়া শৃংখলাত খেলিব ভাৰতে। সেই শৃংখলাত ভাৰত আৰু শ্রীলংকাৰ উপৰি খেলিব আফগানিস্তান 'এ' দলে। ১৫জনীয়া দলত স্থান পোৱা বৈভৱে যদি ভাৰত 'এ' দলৰ হৈ ভাল খেলে তেন্তে টীম ইণ্ডিয়াৰ টি-২০ দলত সুযোগ পাব পাৰে বৈভৱে। যদি সেয়া সম্ভৱ হয় তেন্তে সাবাতোকৈ কম বয়সত ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱা ক্রিকেটাৰত পৰিণত হ'ব বৈভৱ। ইয়াৰ লগে লগে শচীন টেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰিব বিহাৰৰ উদীয়মান ক্রিকেটাৰগৰাকীয়ে।
আই পি এল সমাপ্ত হোৱাৰ পাছতেই আৰম্ভ হ'ব উক্ত ত্রিদলীয় শৃংখলা। ৯ জুনৰ পৰা আৰম্ভ হৈ অন্ত পৰিব ২১ জুনত। এদিনীয়া শৃংখলাৰ পাছত শ্রীলংকাৰ বিৰুদ্ধে গালেত দুখন ৪ দিনীয়া টেষ্ট খেলিব ভাৰতে। অৱশ্যে উক্ত শৃংখলাৰ বাবে ভাৰতীয় দলটো পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। শ্রীলংকাত হ'বলগীয়া ত্রিদলীয় শৃংখলাৰ বাবে ভাৰত 'এ' দলৰ সহঃ অধিনায়কৰ দায়িত্বত থাকিব অসম সন্তান ৰিয়ান পৰাগ। ত্রিদলীয় শৃংখলাৰ বাবে ঘোষিত ভাৰত 'এ' দলটো: তিলক বার্মা (অধিনায়ক), প্রিয়াংশু আৰ্য, বৈভৱ সূর্যবংশী, ৰিয়ান পৰাগ (সহঃ অধিনায়ক), আয়ুষ বাডনী, নিশান্ত সিন্ধু, হর্ষ ডুবে, সূর্যাংশ ছেজ, প্রভছিমৰন সিং, কুমাৰ কুশ্বাগ্রা, বিপৰাজ নিগম, যশ ঠাকুৰ, যুদ্ধবীৰ সিং, আনছুল কাম্বোজ, আর্শাদ খান।