ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত সর্বাত্মক ৰণকৌশলগত অংশীদাৰিত্বৰ উল্লেখনীয় সম্প্ৰসাৰণেৰে ভাৰত আৰু অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে ৰণকৌশলগত ১৮টা অভিলাষী পেকেজ উন্মোচন কৰে। উন্মোচিত এই পেকেজত আছে প্ৰতিৰক্ষা, সামুদ্রিক সুৰক্ষা, অসামৰিক পাৰমাণৱিক সহযোগিতা, শক্তি নিৰাপত্তা, গুৰুত্বপূৰ্ণ প্রযুক্তি, শিক্ষা, দক্ষতা উন্নয়ন, বৈজ্ঞানিক গৱেষণা আৰু সাংস্কৃতিক ঐতিহ্য।
উল্লেখযোগ্য যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দুই অংশীদাৰৰ মাজত ক্ৰমবিকশিত কৌশলগত একত্ৰীকৰণক গুৰুত্ব দি অষ্ট্ৰেলিয়াৰ ৰাজধানী মেলব'র্নত প্রধানমন্ত্রী মোদী আৰু অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনী এলবেনিজৰ মাজত অনুষ্ঠিত হৈছিল তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বার্ষিক শীর্ষ সন্মিলন। এই সন্মিলনৰ পাছতে বিস্তৃত এই পদক্ষেপসমূহৰ কথা ঘোষণা কৰা হয়। এই যি কাৰ্যফল তাৰ মাজত আছে প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয়ত সহযোগিতাৰ এক নতুন যুটীয়া ঘোষণা (জে ডি ডি এছ চি)। এই ঘোষণাই নিৰাপত্তা বিষয়ৰ ২০০৯ চনৰ ঐতিহাসিক ঘোষণাক পুনৰনৱীকৰণ কৰে আৰু ভৱিষ্যতৰ প্ৰতিৰক্ষা সম্পৰ্কৰ বাবে বিস্তৃত ৰূপৰেখা তৈয়াৰ কৰে। এই ঘোষণাত দুয়োখন দেশৰ সশস্ত্র বাহিনীসমূহৰ আন্তঃকার্যক্ষমতা (ইণ্টেৰ'পেৰাবিলিটি), সক্ষমতা বৃদ্ধি, সামুদ্রিক সহযোগিতা, চাইবাৰ নিৰাপত্তা আৰু উদীয়মান প্রযুক্তি, সন্ত্রাসবাদ-বিৰোধিতা, মানবীয় সহায় আৰু দুর্যোগত সাহায্য তথা বহুপাক্ষিক মঞ্চত সমন্বিত নিয়োজনৰ ক্ষেত্ৰক চিনাক্ত কৰে। বহুপাক্ষিক মঞ্চৰ ভিতৰত আছে সামুদ্রিক আইন বিষয়ত ৰাষ্ট্ৰসংঘৰ অভিৱৰ্তন (ইউ এন চি এল অ' এছ), আছীয়ান, প্রশান্ত মহাসাগৰীয় দ্বীপসমূহৰ মঞ্চ (পি আই এফ) আৰু ভাৰত মহাসাগৰ প্ৰান্তীয় সংস্থা (আই অ' আৰ এ)। প্ৰতিৰক্ষা ঘোষণাৰ পৰিপূৰক হিচাপে দুয়োখন দেশে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্রিক নিৰাপত্তা বৃদ্ধি কৰিবলৈ এক সামুদ্রিক নিৰাপত্তাৰ যুটীয়া ৰূপৰেখা (মেৰিটাইম ছিকিউৰিটি ক'লাবৰেশ্যন ৰ'ডমেপ-এম এছ চি আৰ) গ্রহণ কৰে।
আন এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা পদক্ষেপত অষ্ট্ৰেলিয়াই ভাৰতীয় সামৰিক প্রশিক্ষকক ২০২৮-২৯ বর্ষত অষ্ট্ৰেলিয়ান ডিফেন্স কলেজত সেৱা আগবঢ়াবলৈ নিমন্ত্রণ জনায়। শক্তি নিৰাপত্তাৰ ক্ষেত্ৰতো দুয়োখন দেশে এক যুটীয়া বিবৃতি জাৰি কৰে। মোদীৰ এই ভ্ৰমণৰ এক গুৰুত্বপূৰ্ণ সফলতা হ'ল ভাৰত-অষ্ট্ৰেলিয়া অসামৰিক পাৰমাণবিক চুক্তিৰ অধীনৰ প্ৰশাসনিক ব্যৱস্থাৰ চূড়ান্তকৰণ, ২০১৪ চনত স্বাক্ষৰ হোৱা উক্ত চুক্তিৰ কাৰ্যকৰীকৰণ আৰু ভাৰতলৈ অষ্ট্ৰেলিয়াৰ পৰা ইউৰেনিয়াম যোগান সক্ষম কৰা। এই সন্দর্ভত এখন চুক্তিও স্বাক্ষৰ কৰা হয়। এই সন্দৰ্ভত প্রধানমন্ত্রী মোদীয়ে কয়, 'আজি আমি পাৰমাণৱিক শক্তি বিষয়ত এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিলোঁ। ই অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ ইউৰেনিয়াম যোগানৰ বাট মুকলি কৰিব আৰু আমাৰ পৰিষ্কাৰ শক্তিৰ লক্ষ্যত নতুন প্ৰেৰণা দিব।' এই পদক্ষেপে ভাৰতৰ অসামৰিক পাৰমাণৱিক শক্তি আঁচনি সম্প্ৰসাৰণ আৰু পৰিষ্কাৰ শক্তিলৈ ৰূপান্তৰ বিস্তৃত কৰিব বুলি আশা কৰা হৈছে। বৃহস্পতিবাৰে দুয়োখন দেশে গুজৰাটৰ গান্ধীনগৰৰ পণ্ডিত দীনদয়াল এনার্জি ইউনিভাৰ্ছিটি ৰুফটপ ছ'লাৰ ট্রেইনিং একাডেমি ব্যাৱহাৰিক ৰূপ দিয়ে। এই একাডেমিত ২,০০০ মহিলা আৰু যুৱকক সৌৰ টেকনিচিয়ান, ইনষ্টলাৰ আৰু সহায়কৰূপে প্রশিক্ষণ দিয়াৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। এইসকলে পি এম সূর্যঘৰ যোজনাত সহায় কৰিব। গুৰুত্বপূর্ণ খনিজ পদার্থ আৰু ভূতত্ত্ব ক্ষেত্ৰতো সহযোগিতাৰ এক নতুন চুক্তি কৰা হয়। এই চুক্তি হয় ভাৰতৰ ভূতত্ত্ব জৰীপ আৰু জিঅ'ছায়েন্স অষ্ট্ৰেলিয়াৰ মাজত।
বৃহস্পতিবাৰে প্রধানমন্ত্রী মোদীক অষ্ট্ৰেলিয়াৰ ৰাজধানী মহানগৰীত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় আৰু গার্ড অব অনাৰ দিয়া হয়। উক্ত অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী এলবেনিজো উপস্থিত আছিল। অনুষ্ঠানটোৰ আগতে প্রধানমন্ত্রী মোদীয়ে মেলব'র্নত অনুষ্ঠিত ইণ্ডিয়া-অষ্ট্ৰেলিয়া চি ই অ' ফৰাম আৰু ইকনমিক ৰ'ডমেপ বিজিনেছ ৰিচিপশ্যনত ব্যাৱসায়িক নেতৃবৃন্দক সম্বোধন কৰে।
উল্লেখযোগ্য যে ত্রিদেশীয় ভ্রমণত যোৱা ৬ জুলাইত মোদী ভাৰতৰ পৰা ৰাওনা হৈছিল। প্রথম পর্যায়ত ৬-৮ জুলাইত ইণ্ডোনেছিয়া ভ্ৰমণ কৰাৰ পাছত বুধবাৰে সন্ধিয়া মোদী অষ্ট্ৰেলিয়াত উপস্থিত হৈছিল। আজি মোদী অষ্ট্ৰেলিয়াৰ পৰা নিউজিলেণ্ডলৈ যাব।