ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি

dainik janambhumi July 10, 2025

ডিজিটেল ডেস্কঃ ভাৰতৰ তিনিখন চুবুৰীয়া দেশ আৰু শেহতীয়াকৈ প্রতিপক্ষ হিচাপে থিয় দিয়া চীন, পাকিস্তান আৰু বাংলাদেশৰ বৰ্ধিত ঘনিষ্ঠ সম্পর্কই ভাৰতৰ অভ্যন্তৰীণ সুস্থিৰতা আৰু নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি আনিছে। এই বিষয়ত সতর্কবাণী দি দেশৰ চীফ অব দ্য ডিফেন্স ষ্টাফ (চি ডি এছ) জেনেৰেল অনিল চৌহানে মঙলবাৰে অৰ্জাৰভাৰ ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত এই আশংকা ব্যক্ত কৰে।

চি ডি এছ চৌহানে কয় যে ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি তিনিওখন প্রতিপক্ষ চুবুৰীয়া দেশৰ ঘনিষ্ঠ মিতিৰালিয়ে ভাবুকি কঢ়িয়াই আনিছে। শেহতীয়াকৈ চুবুৰীয়া বাংলাদেশৰ সৈতে ভাৰতৰ সম্পর্ক অধিক অৱনতি হোৱাৰ মাজতে চি ডি এছ চৌহানৰ এই মন্তব্য অতি লক্ষণীয় হৈ পৰিছে। চি ডি এছ চৌহানে ভাৰত মহাসাগৰীয় অঞ্চলত (আই অ' আৰ) কেনেকৈ অর্থনৈতিক প্রত্যাহবান আহিছে সেই বিষয়ত আলোকপাত কৰি কয় যে আই অ' আৰত বহিঃৰাষ্ট্ৰৰ প্ৰভাৱ বিস্তাৰৰ বাবে দুৱাৰ মুকলি কৰি দিয়া হৈছে। এই বহিঃশক্তিয়ে ঋণ দিয়াৰ মাধ্যমেৰে কূটনৈতিক কাৰ্যকলাপৰ আই অ' আৰৰ দেশসমূহক বহতীয়া কৰি ভাৰতৰ বিৰুদ্ধে গুৰুতৰ নিৰাপত্তাজনিত ভাবুকি কঢ়িয়াই আনিছে।

তদুপৰি, দক্ষিণ এছিয়াৰ দেশসমূহত সঘনাই চৰকাৰ সলনি, ভূ-ৰাজনৈতিক পট পৰিৱৰ্তন আদিয়ে ভাৰতলৈ অশনি সংকেত আনিছে বুলি জেনেৰেল চৌহানে মন্তব্য কৰে। ৭-১০ মে'ত হোৱা ভাৰত-পাকিস্তানৰ ভয়ংকৰ সংঘৰ্ষৰ বিষয়ে মন্তব্য কৰি জেনেৰেল চৌহানে কয় যে পাকিস্তানে দিয়া পাৰমাণৱিক বোমাৰে আক্ৰমণৰ ভাবুকিক ভাৰতে কেৰেপ নকৰে। তেওঁ কয় যে 'অপাৰেশ্যন সেন্দূৰ' দক্ষিণ এছিয়াকে নহয়, সমগ্ৰ বিশ্বৰ বাবে এক শিক্ষা স্বৰূপ হৈ পৰিল।

Share This