পাকিস্তানক ৮৮ ৰানত হৰুৱালে ভাৰতে

dainik janambhumi October 06, 2025

ডিজিটেল ডেস্ক : ভাৰতে আই চি চি মহিলা বিশ্ব কাপৰ কালিৰ এখন খেলত পুৰাতন প্রতিদ্বন্দ্বী পাকিস্তানক সহজেই ৮৮ ৰানত পৰাজিত কৰে। পোনতে বেট ধৰি ভাৰতে ২৪৭ ৰানত কেউটা উইকেট হেৰুৱায়। প্রত্যুত্তৰত পাকিস্তানে টপ-অ'ৰ্ডাৰৰ ব্যৰ্থতাৰ পৰা কোনো সময়তে উচ্চশিৰে খেলিব নোৱাৰিলে। এটা সময়ত অষ্টম অ'ভাৰত ২৬ ৰানত তিনিটা উইকেট হেৰুৱাইছিল পাকিস্তানে। মূৰকত ৪৩ অ'ভাৰত ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় পাক বাহিনীয়ে। অ'পেনাৰ ছিদ্রা আমিনে ১০৬টা বলত ৮১ ৰান কৰি যুঁজ দিলেও দলক জয়ৰ দিশে আগুৱাই নিয়াত ব্যর্থ হয়। নাটালিয়া পাৰভেজে দলৰ বাবে দ্বিতীয় সর্বাধিক ৩৩ ৰান কৰে। 

পাকিস্তানৰ ইনিংছত মাথোঁ তিনিগৰাকী বেটাৰেহে দুটা অংকৰ ৰান গোটায়, য'ত আনসকল ব্যর্থ হয়। ভাৰতৰ হৈ ক্রান্তি গৌৰ আৰু দিপ্তী শৰ্মাই তিনিটাকৈ আৰু স্নেহ ৰাণাই দুটা উইকেট লয়। ইয়াৰ আগেয়ে হার্লিন দেউলৰ দৃঢ়তাপূর্ণ ৪৬ আৰু শেষৰ ফালে ৰিচা ঘোষৰ খৰতকীয়া অবিজিত ৩৫ ৰানৰ জৰিয়তে ভাৰতীয় মহিলা দলে ২৪৭ ৰানৰ সন্মানজনক স্ক'ৰ থিয় কৰাইছিল। হার্লিনৰ ৬৫টা বলত ৪টা চাৰি আৰু ১টা ছয়সম্বলিত ইনিংছটোৰ সহায়ত মিডল অ'ভাৰত কিছু সুস্থিৰতা প্রদান কৰাৰ বিপৰীতে ৰিচাৰ ২০টা বলত খৰতকীয়া ৩৫ ৰানেৰে ভাৰতে স্ক'ৰ ২৫০ ৰানৰ কাষ চপাই নিবলৈ সক্ষম হয়। মন্থৰ ট্রেকত আৰম্ভণিৰ পৰাই সংগ্রাম কৰিবলগীয়া হৈছিল ভাৰতীয় বেটাৰে। 

অপৈনায় স্মৃতি মান্ধানা (২৩) আৰু প্ৰতীকা ৰাৱালে (৩১) প্রথম উইকেটত ৪৮ ৰানৰ সংযোজন ঘটায়। হৰমনপ্রীত কৌৰৰ (১৯) বিদায়ৰ পাছত হার্লিন (৪৬) আৰু জেমিমা ৰড্রিগুৱেজে (৩২) চতুর্থ উইকেটত কঠিন ৪৫ ৰানৰ যুটি বান্ধে। ইয়াৰ বিপৰীতে ছিনিয়ৰ অলৰাউণ্ডাৰদ্বয় দীপ্তি শর্মা (২৫) আৰু স্নেহ ৰাণা (২০) যুটিয়ে ষষ্ঠ উইকেটত ৪২ ৰানৰ অৱদান আগবঢ়ায়।

Share This