এছিয়া কাপত পাকিস্তানক হৰুৱালে ভাৰতে, কুলদীপ, বুমৰাহ, অক্ষৰ পেটেলৰ আকৰ্ষণীয় বলিং

dainik janambhumi September 15, 2025

ডিজিটেল ডেস্ক : পুৰাতন প্রতিদ্বন্দ্বী পাকিস্তানক দেওবাৰে ৭ উইকেটত হৰুৱাই ভাৰতে এছিয়া কাপ ক্রিকেটত ভাৰতে দ্বিতীয় জয় সাব্যস্ত কৰে। একপক্ষীয় খেলখনত ভাৰতে আকর্ষণীয় বলিঙেৰে পোনতে বেট ধৰা পাকিস্তানক ৯ উইকেটত ১২৭ ৰানত সীমিত ৰাখে। প্রত্যুত্তৰত ভাৰতে দৃঢ়তাপূর্ণ বেটিঙেৰে ১৫.৫ অ'ভাৰত তিনিটা উইকেট হেৰুৱাই ১৩১ ৰান কৰি জয়লাভ কৰে। 

অধিনায়ক সূর্যকুমাৰ যাদৱে অপৰাজিত সৰ্বাধিক ৪৭ ৰানৰ অৱদান যোগায়। অভিষেক শর্মাই ৩১,  শুভমন গীলে ১০, তিলক বার্মাই ৩১ আৰু শিভম ডুবেই ১০ ৰানত বেট ধৰি থাকে। ভাৰতৰ পতন ঘটা তিনিওটা উইকেট লাভ কৰে ছেইম আয়ুবে। ইয়াৰ আগেয়ে ভাৰতৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিৱ নোৱৰা পাকিস্তানে ৯ উইকেটত ১২৭ ৰানহে কৰে। 

দলৰ হৈ ছাহিব জাদা ফাৰহানে সর্বাধিক ৪০ আৰু ছাহিন আফ্রিদীয়ে অপৰাজিত ৩৩ ৰানৰ অৱদান যোগায়। ভাৰতৰ কুলদীপ যাদৱে সর্বাধিক তিনিটা, যশপ্রীত বুমৰাহ আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট পায়।

Share This