ডিজিটেল ডেস্ক : ভাৰতীয় অনূর্ধ্ব-১৯ দলে আই চি চি অনূর্ধ্ব-১৯ বিশ্ব কাপ ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। নিয়ন্ত্রিত বলিঙেৰে পুৰাতন প্রতিদ্বন্দ্বী পাকিস্তানক কালি ছুপাৰ ছিক্সৰ খেলত ৫৮ ৰানত হৰুৱাই ভাৰতে অন্তিম ৪-ত স্থান নিশ্চিত কৰে।
ভাৰতে এতিয়া আফগানিস্তানৰ বিৰুদ্ধে ছেমি ফাইনেল খেলাৰ বিপৰীতে আনখন অন্তিম ৪ৰ খেলত মুখামুখি হ'ব ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া। পাকিস্তানৰ বিৰুদ্ধে ছুপাৰ ছিক্সৰ খেলখনত কনিস্ক চৌহানে ২৯টা বলত ৩৫ ৰান কৰাৰ লগতে খিলান পেটেলৰে (অপঃ ২১) মিলি অষ্টম উইকেটত ৫০ ৰানৰ যুটি বান্ধি ভাৰতৰ স্ক'ৰ ৪৯.৫ অ'ভাৰত ২৫২ ৰানলৈ তুলি নিয়ে।
দলৰ হৈ বেদান্ত ত্রিবেদীয়ে সর্বাধিক ৬৮ আৰু বৈভৱ সূর্যবংশীয়ে গুৰুত্বপূৰ্ণ ৩০ ৰানৰ অৱদান যোগায়। প্রত্যুত্তৰত পাকিস্তানে ৪৬.২ অ'ভাৰত ১৯৪ ৰানত অলআউট হয়। দলৰ হৈ উছমান খানে সর্বাধিক ৬৬, হামজা জাহোৰে ৪২ আৰু ফাৰহান ইউছুফে ৩৮ ৰান কৰে।