ডিজিটেল ডেস্ক : সঞ্জু ছেমছনৰ বিধ্বংসী অবিজিত ৯৭ ৰানেৰে ৱেষ্ট ইণ্ডিজক আজি ছুপাৰ এইটৰ গুৰুত্বপূৰ্ণ খেলখনত ৫ উইকেটত পৰাজিত কৰে ভাৰতে। জীৱন-মৰণৰ যুঁজখনত জয়েৰে সূৰ্যকুমাৰ যাদৱ বাহিনীয়ে প্রতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেট ধৰি ৱেষ্ট ইণ্ডিজে ৪ উইকেটত ১৯৫ ৰান কৰে। প্ৰত্যুত্তৰত ছেমছনৰ ৫০টা বলত ১২টা চাৰি আৰু ৪টা ছয়সম্বলিত দুর্দান্ত নবৈ ঊর্ধ্বৰ বৰঙনিৰে ভাৰতে চাৰিটা বল বাকী থকা অৱস্থাত ৫টা উইকেট হেৰুৱাই ১৯৯ ৰান কৰি অন্তিম-৪ত প্রৱেশ কৰে।
অৱশ্যে ভাৰতে দলীয় স্ক'ৰ ৪১ ৰানত হেৰুৱাইছিল অভিষেক শর্মা (১০) আৰু ঈশান কিষানৰ (১০) উইকেট। বিধ্বংসী বেটিং কৰা ছেমছনক যোগ্য সহযোগিতা আগবঢ়ায় তিলক বার্মা (২৭), সূর্যকুমাৰ যাদৱ (১৮) আৰু হার্দিক পাণ্ডিয়াই (১৭)। ইয়াৰ আগেয়ে তাৰকা বলাৰ যশপ্রীত বুমৰাহে মিডল অ'ভাৰত খৰতকীয়াকৈ দুটা উইকেট দখল কৰিলেও ৱেষ্ট ইণ্ডিজে ছুপাৰ এইটৰ মৰণপণ মেচখনত ৪ উইকেটত ১৯৫ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক'ৰ থিয় কৰিবলৈ সক্ষম হয়। প্রথমে বেট ধৰি ৰষ্টন চেজ (৪০) আৰু শ্বাই হোপে (৩২) অ'পেনিঙত ৬৮ ৰানৰ সংযোজন ঘটাই দলৰ বাবে ভাল আৰম্ভণি কৰে। বৰুণ চক্ৰৱৰ্তীয়ে (১-৪০) হোপক আউট কৰি যুটিটো ভাঙে।
ইয়াৰ পাছত বুমৰাহে ৱেষ্ট ইণ্ডিজৰ ইনিংছত দুটাকৈ আঘাত হানে। রেষ্ট ইণ্ডিজে তেনেদৰেই দ্বাদশ অ'ভাৰত তিনি উইকেটত সংগ্রহ কৰে ১০৩ ৰান। হার্দিক পাণ্ডিয়ায়ো (১-৪০) ১টা উইকেট দখল কৰে। অৱশ্যে, জেছন হল্ডাৰ (অপঃ ৩৭) আৰু ৰভমান পাৱেলে (অপঃ ৩৪) শেষৰ ফালে ৩৫টা বলত ৭৬ ৰানৰ সংযোজন ঘটাই দলীয় স্ক'ৰ ২০০ ৰানৰ কাষ চপাই নিয়ে।