'অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তানৰ বহুত ক্ষতি কৰিলে'! স্বীকাৰোক্তি পাক নেত্ৰী মৰিয়ম নৱাজৰ

Kakali Deka May 26, 2025

ডিজিটেল ডেস্কঃ পাকিস্তানৰ ৰাজনৈতিক নেত্ৰী মৰিয়ম নৱাজে সত্য স্বীকাৰ কৰি কৈছে যে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তানত ব্যাপক ধ্বংসলীলা চলাইছিল। ইয়াৰ পূৰ্বে মৰিয়মৰ খুৰাক তথা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও স্বীকাৰ কৰিছিল যে ভাৰতে নূৰ খান বিমানঘাটিকে ধৰি পাকিস্তানৰ বহু বিমানঘাটিত মিছাইলেৰে ধ্বংসলীলা চলাইছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল শ্বাহবাজ শ্বৰীফে সত্য স্বীকাৰ কৰা এটা ভিডিঅ’। ইয়াৰ পাছত এতিয়া মৰিয়ম নৱাজেও ভাৰতে পাকিস্তানৰ ক্ষতি কৰা বুলি স্বীকাৰোক্তি দিছে।

প্ৰথমে কিন্তু ভাৰতে পাকিস্তানৰ একো ক্ষতি কৰিব নোৱাৰিলে বুলি পাকিস্তানে বাৰে বাৰে মিছা মাতি আছিল।

উল্লেখ্য যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছিল, য’ত ২৬ জন পৰ্যটকক তেওঁলোকৰ ধর্ম সুধি হত্যা কৰা হৈছিল। হিন্দু পৰ্যটকসকলক গুলীয়াই হত্যা কৰিছিল পাক সন্ত্ৰাসবাদীয়ে। তাৰ পাছতেই ভাৰতে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে প্রতিশোধ লৈছিল৷ ভাৰতীয় সেনা বাহিনীয়ে ৬–৭ মে’ৰ নিশা অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে আক্ৰমণ কৰিছিল। এই অভিযানৰ অধীনত ভাৰতীয় বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰ (POK)ৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায়। দুপৰীয়া প্ৰায় ১-৩০ বজাত এই অভিযান চলোৱাৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদীৰ লঞ্চপেড আৰু অস্ত্ৰ-শস্ত্ৰৰ ডিপো ধ্বংস কৰা।

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This