৫ বছৰৰ পাছত আৰম্ভভাৰত-চীনৰ মাজত বিমান সেৱা

dainik janambhumi October 28, 2025

ডিজিটেল ডেস্কঃ ভাৰত-চীনৰ মাজত সম্পর্ক উন্নত হোৱা যেন লগাৰ পাছত দুয়োখন দেশৰ মাজত আৰম্ভহৈছে প্রত্যক্ষ বিমান পৰিবহণ। কলকাতাৰ পৰা ১৮০জন যাত্রী কঢ়িয়াই নিয়া ইণ্ডিগোৰ ৬ ই ১৭০৩ বিমানখন সোমবাৰে দক্ষিণ চীনৰ গুৱাংঝাউত উপস্থিত হয়। 

উল্লেখযোগ্য যে ২০২০ চনত কভিড মহামাৰীৰ সময়ত দুয়োখন দেশৰ মাজত বিমান পৰিবহণ বন্ধ হয়। পাছত সীমান্তত দুয়ো দেশৰ মাজত হোৱা সংঘৰ্ষৰ বাবে বিমান পৰিবহণ পুনৰ আৰম্ভ কৰা নহ'ল। পাছত দুয়ো দেশে আলোচনাৰ মাজেৰে সম্পৰ্ক উন্নীত কৰে। কলকাতা-গুৱাংঝাউৰ এই পোনপটীয়া সেৱাত ইণ্ডিগোৰ বিমান নিশা ১০ বজাত কলকাতাৰ পৰা ৰাওনা হ'ব আৰু পুৱা স্থানীয় সময় ৪-০৫ বজাত গুৱাংঝাউত উপস্থিত হ'ব। তেনেদৰে গুৱাংঝাউৰ পৰা স্থানীয় সময় পুৱা ৫-৩৫ বজাত ৰাওনা হৈ কলকাতাত ৭-৫০ বজাত উপস্থিত হ'ব। এই পোনপটীয়া পথত সময় ল'ব ৩ ঘণ্টা ৫৫ মিনিট'।

 উল্লেখযোগ্য যে চীনৰ সময় ভাৰততকৈ ৩ ঘণ্টামান আগ বঢ়া।

Share This