ডিজিটেল ডেস্ক: এছিয়াৰ কেইবাখনো দেশত ভূ-ৰাজনৈতিক অস্থিৰতা চলি থকাৰ সময়তে ২০২৫ বৰ্ষটোত দুই প্ৰতিৱেশী ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পর্ক ক্রমাৎ উন্নত হৈছে। পূব লাডাখত থকা ভাৰত-চীনৰ সীমা বিবাদক লৈ ৪ বছৰ ধৰি অচলাৱস্থা চলাৰ পাছত ২০২৫ বর্ষত ভাৰত-চীনে কেইবাটাও ইতিবাচক দ্বিপাক্ষিক সম্পৰ্কৰ পুনৰ আৰম্ভ কৰে।
২০২০ চনত গালৱান সংঘৰ্ষৰ পাছত ২০২৪ চনৰ অক্টোবৰ মাহত দুয়োখন দেশে সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰৰ কাম আৰম্ভকৰিছিল। সীমান্তত শান্তিৰ পৰিৱেশ অহাৰ পাছৰে পৰা ভাৰতে চীনৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা লয় আৰু দুয়োপক্ষই দ্বিপাক্ষিক আলোচনা বৃদ্ধি কৰে। প্রথমে এই প্রচেষ্টা কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বিদেশ মন্ত্রী বাং য়িয়ে। এই দুজন নেতাৰ আলোচনাৰ পাছতেই ২০২৫ বর্ষত ক্রমান্বয়ে ভাৰত-চীনৰ সম্পৰ্ক উন্নত হ'বলৈ ধৰে।
আনহাতে, যোৱা জুলাই মাহত ভাৰতৰ বিদেশ মন্ত্ৰী জয়শংকৰে চীন ভ্রমণ কৰে। ইয়াৰ পাছতেই সীমান্ত সম্পর্কীয় দুয়োখন দেশৰ বিবাদ বহুখিনি শাম কাটে। সবাতোকৈ গুৰুত্বপূর্ণ দিশটো হ'ল, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক যুদ্ধৰ মাজতে চীনৰ টিয়ানজিন প্রদেশত আগষ্টত অনুষ্ঠিত হোৱা 'এছ চি অ' শীর্ষ সন্মিলনত প্রধানমন্ত্রী মোদী আৰু চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনা। দুই ৰাষ্ট্ৰনেতাৰ বৈঠকৰ পাছতেই এছিয়াৰ দুই শক্তিধৰ দেশৰ মাজত কূটনৈতিক সম্পর্ক যথেষ্ট উন্নত হয়। দুয়োজন নেতাই প্রকাশ কৰে যে দুয়োখন দেশেই হৈছে বিকাশমূলক কামৰ বাবে অংশীদাৰী, প্রতিদ্বন্দ্বী নহয়। দুয়োখন দেশেই উভয়ৰ ভিছা পদ্ধতি সহজ কৰে। ভাৰতীয় তীৰ্থযাত্ৰীৰ তিৰ্বতৰ কৈলাস মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হয়। দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱাও আৰম্ভ হয়। কিন্তু ইয়াৰ মাজতো এটা বাধা আহি পৰিছিল।
যোৱা মে' মাহত হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানক চীনে অস্ত্র-শস্ত্ৰ আৰু ধনে-জনে সহায় কৰিছিল বুলি অভিযোগ উঠিছিল যদিও ভাৰতে ইয়াৰ বিৰোধিতা কৰিছিল, কিন্তু বেইজিঙে এই বিষয়টো বাৰে বাৰে অস্বীকাৰ কৰিছিল।