ডিজিটেল ডেস্কঃ পূব লাডাখত প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) দুয়োপাৰে শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বিষয়ত ভাৰত আৰু চীনৰ সেনা এক উচ্চস্তৰীয় সামৰিক বৈঠকত মিলিত হয়।
চীনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে বুধবাৰে এই কথা জনায়। মন্ত্ৰ্যালয়ে জনায় যে দুয়োখন দেশৰ মাজৰ ক'ৰ কমাণ্ডাৰ পৰ্যায়ৰ ২৩ সংখ্যক আলোচনা যোৱা ২৫ অক্টোবৰত ভাৰতৰ সীমান্তৰ ম'লড'-চুশ্বুল সীমান্তৰ বৈঠক স্থানত অনুষ্ঠিত হয়।
মন্ত্ৰ্যালয়ে জনায়, 'ভাৰত-চীন সীমান্তৰ পশ্চিম অংশৰ ব্যৱস্থাপনা সন্দর্ভত দুয়োপক্ষই সক্ৰিয় আৰু বিস্তৃতভাৱে আলোচনা কৰে।' অৱশ্যে ভাৰতৰ ফালৰ পৰা উক্ত বৈঠকৰ বিষয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰেৰণ কৰা হোৱা নাই। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ দৰে দুয়োপক্ষই যোগাযোগ আৰু আলোচনা অব্যাহত ৰখাৰ সিদ্ধান্ত লয়।