ভাৰতৰ জয় অব্যাহত

dainik janambhumi February 13, 2026

ডিজিটেল ডেস্ক: ভাৰতে চলিত টি-২০ বিশ্ব কাপত একেৰাহে তি দ্বিতীয় জয় সাব্যস্ত কৰিছে। প্রতিযোগিতাখনৰ গ্ৰুপ 'এ'ৰ খেলখনত কালি প্রথমে বেট ধৰি ৯ উইকেটত ২০৯ ৰান কৰা ভাৰতে পৰৱৰ্তী সময়ত নামিবিয়াক ১৮.২ অ'ভাৰত ১১৬ ৰানত সীমিত ৰাখি ৯৩ ৰানত জয়লাভ কৰে। 

নামিবিয়াৰ হৈ ল'ৰেন ষ্টিনকাম্পে সর্বাধিক ২৯ ৰান কৰে। ভাৰতৰ বৰুণ চক্ৰৱৰ্তীয়ে ৭ ৰান ব্যয় কৰি সৰ্বাধিক তিনিটা উইকেট দখল কৰে। ইয়াৰ আগেয়ে ভাৰতে অ'পেনাৰ ঈশান কিষাণ আৰু অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ দুৰন্ত অর্ধ-শতৰানৰ সহায়ত ৯ উইকেটত ২০৯ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক'ৰ থিয় কৰে। 

ঈশানে ২৪টা বলত ৬১ ৰানৰ অৱদান যোগায়। ইয়াৰ বিপৰীতে হার্দিকে ২৮টা বল খেলি ৫২ ৰান কৰাৰ লগতে শিভম ডুবেৰ (১৬টা বলত ২৩ ৰান) সৈতে পঞ্চম উইকেটত ৮১ ৰানৰ যুটি বান্ধে। প্রথমে বেট ধৰা ভাৰতে সপ্তম অ'ভাৰতে ১০০ ৰানৰ সীমা পাৰ কৰে। তাৰ মাজতে ঈশানে ২০টা বলতে অর্ধশতৰান পূৰ কৰে। এটা সময়ত ১৯ অ'ভাৰ আৰম্ভ হোৱাৰ আগেয়ে ভাৰতে ৪ উইকেটত ১৯৯ ৰান কৰি শক্তিশালী স্থিতিত আছিল। পিছে শেষৰফালে ৪ ৰানতে ভাৰতে ৫টা উইকেট হেৰুৱায়।

Share This