পৰমাণু বিজ্ঞানী অনিল কাকোডকাৰৰ মন্তব্য: ব্যৱহাৰেই হোৱা নাই 'থোৰিয়াম'ৰ অক্ষয় পাত্র, পাৰমাণৱিক ক্ষেত্ৰত ২৫০ বছৰলৈ স্বনিৰ্ভৰশীল হ'ব পাৰে ভাৰত

dainik janambhumi March 22, 2026

ডিজিটেল ডেস্ক: মধ্যপ্ৰাচাৰ যুদ্ধখনে ভাৰতৰ এটা নিশকতীয়া দিশ পুনৰ পোহৰলৈ আনিলে। শক্তি খণ্ডৰ দীর্ঘকালীন নিৰাপত্তাৰ দিশত ভাৰত এতিয়াও সবল হ'ব পৰা নাই। ভাৰতৰ হাতত বৃহৎ খাৰুৱা তেলৰ ভাণ্ডাৰো নাই আৰু প্রয়োজনীয় পৰিমাণৰ বৃহৎ ইউৰেনিয়ামৰ ভাণ্ডাৰো‌ নাই। যাৰ বাবে দশক দশক ধৰি ভাৰতে জীৱাষ্ম ইন্ধন আৰু পাৰমাণৱিক ক্ষেত্ৰত ব্যৱহৃত ইন্ধনৰ বাবে বহিঃৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। কিন্তু ভাৰতৰ হাতত যিটো সম্পদ আছে সেয়া ব্যৱহাৰ কৰিলে দেশখনে কোনো দিনে পাৰমাণৱিক শক্তিৰ বাবে বহিঃৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগিব। 

ভাৰতৰ আণৱিক শক্তি আয়োগৰ সদস্য তথা পৰমাণু বিজ্ঞানী ড° অনিল কাকোডকাৰে প্রকাশ কৰিছে যে ভাৰতৰ হাতত শক্তিৰ 'অক্ষয় পাত্র' আছে, যিটো ভাৰতে কেতিয়াও ব্যৱহাৰেই কৰা নাই। তেওঁ প্রকাশ কৰে যে সেই অক্ষয় পাত্র হৈছে 'থোৰিয়াম'ৰ ভাণ্ডাৰ। ভাৰতত থকা থোৰিয়ামৰ ভাণ্ডাৰৰ জৰিয়তে অহা ২৫০ বছৰলৈ পাৰমাণৱিক শক্তি উৎপাদন কৰিব পৰা যাব। এই থোৰিয়ামৰ ভাণ্ডাৰ ব্যৱহাৰৰ জৰিয়তে ভাৰতে বিশ্বত সৃষ্টি হোৱা অস্থিৰতাৰ পৰা নিজকে আঁতৰাই ৰখাৰ লগতে বহিঃৰাষ্ট্ৰৰ পৰা আমদানি নকৰাকৈ অর্থনৈতিক বিকাশৰ দিশত অগ্রসৰ হ'ব পাৰিব। কিন্তু এই ক্ষেত্রতো কিছু সমস্যা আছে, কাৰণ বর্তমানলৈ ভাৰতে থোৰিয়ামৰ ভাণ্ডাৰৰ ব্যৱহাৰত বিশেষ গুৰুত্ব দিয়া নাই। ঘোৱা ২০ বছৰে থোৰিয়াম প্রকল্পটো নক্সাতেই আবদ্ধ হৈ আছে। 

উল্লেখযোগ্য যে পাৰমাণৱিক শক্তি উৎপাদনৰ ক্ষেত্রত থোৰিয়াম হৈছে ইউৰেনিয়ামৰ বিকল্প। ড° কাকোডকাৰে প্রকাশ কৰে যে বিশ্বৰ সৰ্ববৃহৎ থোৰিয়াম ভাণ্ডাৰ ভাৰততে আছে। ভাৰতত মুঠ ১.০৭ নিযুত টন থোৰিয়ামৰ ভাণ্ডাৰ আছে, যিটো বিশ্বৰ থোৰিয়াম ভাণ্ডাৰৰ ২৫ শতাংশ ।

Share This