১৪ বছৰৰ অনূর্ধ্বৰ ছিংগলছত চেম্পিয়ন জেনছি কানাবাৰে, অষ্টীলিয়ান অ'পেনত ভাৰত-কন্যাৰ চমক

dainik janambhumi February 01, 2026

ডিজিটেল ডেস্ক: অষ্টিলিয়ান অপেন টেনিছ প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ জেনছি কানাবাৰে শুকুৰবাৰে এক ইতিহাসৰ সৃষ্টি কৰে। তেওঁ প্রতিযোগিতাৰ মহিলাৰ ১৪ বছৰ অনূর্ধ্বৰ শাখাৰ হিংগলত খিতাপ জয় কৰা প্রথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈৰূপে পৰিগণিত হৈছে। 

শুকুৰবাৰে হোৱা এই শাখাৰ ফাইনেলত তেওঁ অষ্টিলিয়াৰ মুহেম্মা কিলেকক পৰাজিত কৰে। ফাইনেল মেচখনাত জেনছি প্রথম অৱস্থাত সামান্যভাৱে পাছ পৰি আছিল, কিন্তু পাছত তেওঁ সুন্দৰভাৱে প্রত্যাৱর্তন কৰে আৰু অষ্টিলিয়াত ভাৰতৰ বিজয় ধ্বজা উৰুৱায়। মাত্র ১৪ বছৰ বয়সতে তেওঁ এই কৃর্তিত্ব অর্জন কৰে। 

শুকুৰবাৰৰ মেচখনত তেওঁ কিলেকক ৩-৬, ৬-৪, ৬-১ ব্যৱধানত পৰাজিত কৰে। ইয়াৰ আগতে ২০২৪ বৰ্ষত ১৪ বছৰ অনুৰ্ধ্ব শাখাত ভাৰতৰ অর্ণৱ পাপৰকাৰে পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছিল। 

উল্লেখযোগ্য যে জেনছি ভাৰতৰ আটাইতকৈ তৰুণ আৰু প্রতিভাশালী টেনিছ খেলুৱৈ। তেওঁ জুনিয়ৰ পৰ্যায়ৰ টেনিছ প্রতিযোগিতাত সুন্দৰ প্রদর্শন কৰি আহিছে। গুজৰাটৰ জুনাগড়ৰ জেন্‌ছিয়ে নিচেই কম বয়সতে টেনিছৰ অনুশীলন আৰম্ভ কৰে আৰু সর্ব ভাৰতীয় টেনিছ সন্থাৰ (আইটা) ১৪ আৰু ১৬ বছৰ অনুর্ধ্বৰ টেনিছত প্রথম স্থান লাভ কৰে। তেওঁ চলিত বছৰৰ আৰম্ভণিতেই আইটা মহিলা ছিংগলছৰ ৰেংকিঙত প্রথম স্থান লাভ কৰে। তেওঁ যোৱা বছৰৰ ছেপ্টেম্বৰত জি এছ পি ডি পি এছিয়ান ১৪ বছৰ অনুৰ্ধ্বৰ খিতাপ জয় কৰিছিল।

Share This