কাইলৈৰ পৰা অম্বুবাচী : গুৱাহাটীত প্রথম ঘটনা, শশ নাগা সন্ন্যাসীৰ কামাখ্যাধামলৈ পদযাত্রা

dainik janambhumi June 21, 2026

ডিজিটেল ডেস্ক : পুনৰ উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে নীলাচল পাহাৰত। অম্বুবাচী মহাযোগৰ বাবে নীলাচল পাহাৰত ব্যাপক প্রস্তুতি চলিছে। সাধু-সন্তৰ আগমনে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে মা কামাখ্যাধামত। আনহাতে, অম্বুবাচী উপলক্ষে মা কামাখ্যাধামত উপস্থিত হোৱা শ-শ নাগা সন্ন্যাসীয়ে আজি বিশাল পদযাত্ৰা বাহিৰ কৰে। ইফালে, নাগা সন্ন্যাসীৰ এই পদযাত্ৰাত সংগ দিলে বিধায়ক বিজয় গুপ্তাই। 

উল্লেখযোগ্য যে গুৱাহাটীৰ অম্বুবাচী মহাযোগৰ বাবে নীলাচল পাহাৰত ব্যাপক প্রস্তুতি চলিছে। অহা ২২ জুনৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মহাযোগৰ সময়ত তিনিদিনৰ বাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। ২৬ জুনৰ পুৱা মন্দিৰৰ দুৱাৰ পুনৰ খোল খাব। 

বিশ্বপ্রসিদ্ধ অম্বুবাচী মহাযোগলৈ মাজত মাত্র এটা দিন বাকী থকা অৱস্থাত মা কামাখ্যাৰ পৱিত্ৰস্থল নীলাচল পাহাৰলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰৰ সাধু-সন্ন্যাসী আৰু ভক্ত-দর্শনার্থীৰ আগমন ঘটিছে। অম্বুবাচীৰ সময়ত এইবাৰ ৮ লাখৰো অধিক ভক্ত-দর্শনার্থীক আদৰিবলৈ সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষৰ লগতে জিলা প্রশাসন। 

ইফালে, কালি অম্বুবাচী মহাযোগ উপলক্ষে কামাখ্যাৰ নামনিৰ কামাখ্যা গে'ট নাৰ্ছাৰীত সমৱেত হয় বিখ্যাত জুনা আখাৰৰ শ-শ নাগা সন্ন্যাসী। সেই স্থানৰ পৰাইনাগা সন্ন্যাসীসকলে 'পদযাত্রা' কৰি কামাখ্যা মন্দিৰলৈ যায়। পদযাত্ৰাৰ সমগ্ৰ সময়ছোৱা বিভিন্ন বেশভূষাৰ নাগা সন্ন্যাসীসকলে দেৱী মাৰ গুণানুকীৰ্তন কৰি যায়। পদযাত্ৰাত বস্ত্রবিহীনভাবেও বহুকেইজন নাগা সন্ন্যাসীয়ে অংশগ্রহণ কৰে। কেইবাগৰাকী কিন্নৰ সন্ন্যাসীয়েও পদযাত্রাত অংশগ্ৰহণ কৰে। 

আনহাতে, নাগা সন্ন্যাসীৰ এই পদযাত্ৰাত সংগ দিয়ে মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তাই। বিধায়ক গুপ্তাই নাগা সন্ন্যাসীসকলক ফুলৰ মালা পিন্ধাই এই পদযাত্ৰাৰ শুভাৰম্ভণি কৰে। বিধায়ক বিজয় গুপ্তাই প্রকাশ কৰে 'এইবাৰ প্ৰথমবাৰৰ বাবে এই পদযাত্ৰা কৰা হৈছে। আমি আমাৰ সনাতন সভ্যতা-সংস্কৃতিক সুৰক্ষিত কৰাৰ বাবে সাধু-সন্ন্যাসীৰ আশীৰ্বাদ লাগে। এই ক্ষেত্ৰত আমি মানুহৰ মাজত সজাগতা আনিব বিচাৰিছোঁ। দেশ-বিদেশৰ বহুত মানুহ আহিছে আৰু সকলোৰে সুবিধাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।' বিধায়কজনে কয়, 'অম্বুবাচী মহাযোগ বিশ্ববিখ্যাত এটা ধর্মীয় মহোৎসৱ। 

কালি জুনা আখাৰাৰ নেতৃত্বত ৫ শতাধিক সাধু-সন্ন্যাসীৰ পদযাত্রা উলিওৱা হৈছে। এই সমাগমৰ যোগেদি আমি প্ৰেৰণা পাওঁ আৰু এই প্ৰেৰণাই মানৱ সমাজত শান্তি-সম্প্রীতি গঢ়ি তোলে।' ইফালে, নেপালৰ পৰা অহা এগৰাকী নাগা সন্ন্যাসীয়ে বিধায়কগৰাকীক গুজৰাটত ১৪জন গো-সেৱকক শাস্তি প্ৰদান কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দি বিধায়ক গুপ্তাই কয়, 'গো-সেৱা আমাৰ ধৰ্ম আৰু আমি এই ধর্ম পালন কৰিম। এইটো সংবেদনশীল বিষয় আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰে বিবেচনা কৰিব। সনাতন সংস্কৃতিক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।' 

উল্লেখযোগ্য যে এইবাৰ ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচী মহাযোগৰ প্রবৃত্তি হ'ব। সেয়ে, ২২ জুনৰ দিনটো দৰ্শনাৰ্থীৰ বাবে মন্দিৰ খোলা থাকিব। নিশা আৰতি হোৱাৰ পাছতহে পৰম্পৰা অনুসৰি তিনিদিনৰ বাবে মন্দিৰ বন্ধ থাকিব। ২৬ জুনৰ পুৱা পুৱা ৬ বজাৰ পৰা ৬-৩০ বজাৰ ভিতৰত পৰম্পৰা অনুসৰি দেৱীৰ স্নান আদি কৰাৰ পাছত মন্দিৰৰ দুৱাৰ খোলা হ'ব। তাৰ পাছত ভক্তই পুনৰ দেৱী দৰ্শন কৰিব পাৰিব। ইফালে, অম্বুবাচী মহাযোগ সুকলমে পৰিচালনা কৰাৰ বাবে প্ৰত্যেকবাৰৰ দৰে এইবাৰো দেৱালয় কমিটীয়ে এখন কমিটী গঠন কৰিছে। চৰকাৰীভাৱেও অম্বুবাচী মহাযোগ উপলক্ষে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। 

অম্বুবাচীৰ সময়ত মা কামাখ্যা মন্দিৰলৈ পদব্রজে অহা ভক্ত-দৰ্শনাৰ্থীৰ বাবে ঠায়ে ঠায়ে খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে। ইফালে, কামাখ্যাৰ তলতে জোতা-ছেণ্ডেল ৰখাৰ ব্যৱস্থা কৰা হৈছে। কামাখ্যা মন্দিৰৰ তলৰ পৰা ওপৰলৈ সম্পূৰ্ণ পথছোৱাত কার্পেট দিয়া হৈছে যাতে ভক্তসকলে খালী ভৰিৰে যোৱাত অসুবিধা নহয়। যোৱাবাৰৰ দৰে এইবাৰো সন্ধিয়া ৬ বজাৰ পৰা নিশাৰ ভাগত মন্দিৰলৈ যোৱাটো বন্ধ কৰা হ'ব। লক্ষণীয় যে যোৱা বছৰ অম্বুবাচীৰ সময়ত নীলাচল পাহাৰত প্রায় ৭.৮৫ লাখ লোকৰ সমাগম হৈছিল। এইবাৰ এই সংখ্যা ৮ লাখ অতিক্ৰম কৰাৰ আশা কৰা হৈছে।

Share This